• হাৰ্ট এটেকৰ পূৰ্বে শৰীৰৰ কোন ৫টা অংশত বিষ হয় জানি লওক; সাৱধান হৈ থাকক

    স্বাস্থ্য
    হাৰ্ট এটেকৰ পূৰ্বে শৰীৰৰ কোন ৫টা অংশত বিষ হয় জানি লওক; সাৱধান হৈ থাকক
    ডিজিটেল ডেস্কঃ  বিশ্বজুৰি মৃত্যুৰ অন্যতম বৃহৎ কাৰণ হৃদৰোগ। বেছিভাগ মানুহেই হাৰ্ট এটেকক হঠাৎ ঘটা ঘটনা বুলি ভাবে যদিও বাস্তৱত এই সমগ্ৰ প্ৰক্ৰিয়াটোত কেইবামাহো সময় লাগে। এই সময়ছোৱাত শৰীৰতো বহুত লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে,  সেইবোৰ চিনাক্ত কৰি হাৰ্ট এটেকৰ দৰে মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব পাৰি ।

    হাৰ্ট এটেকৰ পূৰ্বে শৰীৰৰ  ৫টা অংশত বিষ হয়। জানি লওক ক’ত ক’ত বিষ হয়..


    ১) কাণৰ তলৰ অংশৰ মুখমণ্ডলত বিষঃ  এন এইচ এছৰ তথ্য অনুসৰি কেইবাদিনো ধৰি কাণৰ তলৰ অংশৰ মুখমণ্ডলত বিষ হয়। হাৰ্ট এটেকৰ সময়ত এই অংশত অসহ্যকৰ বিষ অনুভৱ হ’ব পাৰে।


    ২) ডিঙিৰ পিছ অংশত বিষঃ  হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ হ’ল ডিঙিৰ পিছ অংশত বিষ। গতিকে, যদি আপুনি দীৰ্ঘদিন ধৰি ডিঙিৰ বিষ অনুভৱ কৰি আছে তেন্তে ইয়াক সহজভাৱে নল’ব আৰু চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাওক।


    ৩) কান্ধৰ বিষঃ  হাৰ্ট এটেকৰ আগতে কান্ধত বিষ অনুভৱ  হয়। এনে ক্ষেত্ৰত কান্ধৰ অস্পষ্ট বিষ চিনাক্ত কৰি চিকিৎসকৰ লগত পৰীক্ষা কৰাটো অতি জৰুৰী।


    ৪) কঁকালৰ বিষঃ  হাৰ্ট এটেকৰ এটা লক্ষণ হ’ল স্থায়ী কঁকালৰ বিষ। যদিও বহুতে ভুল ধৰণে বহি বা শুই থকাৰ ফল বুলি ভাবে কিন্তু বহু ক্ষেত্ৰত হাৰ্ট এটেকৰ লগতো ইয়াৰ সম্পৰ্ক আছে।

    ৫) বুকুৰ বিষঃ  বুকুৰ বিষ হৃদৰোগৰ অন্যতম লক্ষণ। ই কেৱল হাৰ্ট এটেকৰ পিছতেই নহয় বহুবাৰ হোৱাৰ আগতেও লক্ষণ হিচাপে দেখা দিব পাৰে।