• ৰন্ধন নে গৱেষণা! এইবাৰ অমলেট ৰান্ধোতে দিলে আম; মেংগো অমলেট দেখি বিতৃষ্ণা উপজিল নেটিজেনৰ

    স্বাস্থ্য
    ৰন্ধন নে গৱেষণা! এইবাৰ অমলেট ৰান্ধোতে দিলে আম; মেংগো অমলেট দেখি বিতৃষ্ণা উপজিল নেটিজেনৰ
    ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াই আমাক অদ্ভুত বস্তু চাবলৈ বাধ্য কৰিব পাৰে! সমগ্ৰ বিশ্বতে অদ্ভুত খাদ্য তেনেকুৱা এটা বস্তু। আমি সকলোৱে বিভিন্ন খাদ্যৰ সংমিশ্ৰণ, অদ্ভুত খাদ্য, আৰু বহুতোৰ সন্মুখীন হওঁ।ইণ্টাৰনেটক ধুমুহাৰ দৰে লৈ যোৱা শেহতীয়া অদ্ভুত খাদ্যৰ সংমিশ্ৰণ ‘মেংগো অমলেট’। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এজন ৰাজপথত আমঅমলেট বিক্ৰী কৰা এটা ভিডিঅ’।

    এই ভাইৰেল ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰিছে ইউজাৰ @thegreatindianfoodie য়ে।ভিডিঅ’টো যেন গুজৰাটৰ, য’ত এজন ৰাজপথৰ ব্যৱসায়ীয়ে তাৱাত এই মিশ্ৰণটো প্ৰস্তুত কৰি আছে। গৰম তাৱাত তেল দি কণী দুটা ভাঙি ভাজিবলৈ আৰম্ভ কৰে। তাৰ পিছত উলিয়াই আনি উতলি থকা কণীৰ কুহুম, মছলা আদি দিয়ে৷ ইয়াৰ লগত তেওঁ ইয়াত আমৰ ৰস যোগ কৰাও দেখা যায়। সেইটো সাজু হোৱাৰ পাছত তেওঁ সেইখিনি ভজা কণীৰ ওপৰত ঢালি দিয়ে। কিন্তু ৰেচিপিটো ইয়াতেই ক্ষান্ত নাথাকে। তেওঁ নিজৰ ৰেচিপিত মছলা আৰু আমৰ ৰসৰ সৈতে সিজোৱা কণীও যোগ কৰে।

    এই ভিডিঅ'টো আপলোড কৰাৰ পিছৰে পৰা ৮০০০ বাৰ চোৱা হৈছে আৰু দুশহাজাৰ ভিউ আৰু শ শ কমেন্ট লাভ কৰিছে। এই ভিডিঅ’টোক লৈ নেটিজেনসকলে বিতৃষ্ণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

    এজন উদ্বিগ্ন ব্যৱহাৰকাৰীয়ে লিখিছে, "মই অনুভৱ কৰোঁ যে খাদ্য বিক্ৰেতাসকলে প্ৰকাৰৰ খাদ্য পৰিবেশন কৰাসকলৰ ওপৰত সঠিক পৰীক্ষাৰ প্ৰয়োজন। যিহেতু কিছুমান বিশেষ খাদ্যৰ সংমিশ্ৰণে স্বাস্থ্যৰ ওপৰত বিপৰ্যয়জনক হ'ব পাৰে। বিশেষকৈ মাজা আৰু অমলেট৷