• নেলী ১৯৮৩; ন্যায়-অন্যায়ৰ দোমোজাত ইতিহাসৰ এটা অবিস্মৰণীয়, ৰক্তৰঞ্জিত অধ্যায়

    আঞ্চলিক
    নেলী ১৯৮৩; ন্যায়-অন্যায়ৰ দোমোজাত ইতিহাসৰ এটা অবিস্মৰণীয়, ৰক্তৰঞ্জিত অধ্যায়
    ডিজিটেল ডেস্ক : শংকৰ-আজানৰ দেশ বুলি সদায়ে চিহ্নিত হৈ অহা তথা সমগ্ৰ দেশৰে সমীহ আদায় কৰি অহা অসমৰ ইতিহাসৰ এটা মচিব নোৱৰা ক’লা দাগ হৈ জিলিকি ৰৈছিল নেলীৰ গণহত্যা। মানৱতাক নিৰ্মমভাৱে পদাঘাত কৰা এই ঘটনাৰ দুঃসহ স্মৃতি আজিও সময়ে মচিব পৰা নাই। ছবছৰীয়া অসম আন্দোলনৰ এক পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপেই এই ঘটনাক চিহ্নিত কৰিব বিচাৰে বিভিন্নজনে। অসমক বিদেশীমুক্ত কৰাৰ ন্যায্য আৰু অত্যাৱশ্যকীয় এটা দাবী এটাক লৈ চলি থকা এটা গণমুখী আন্দোলনৰ পৃষ্ঠভূমিত নেলীৰ দৰে হত্যালীলাৰ ষড়যন্ত্ৰ ৰচনাও যে হৈ আছিল সেয়া অসমৰ দৰে এখন ঠাইৰ বাবে আছিল এটা অকল্পনীয় কথা। এই ষড়যন্ত্ৰৰ আঁৰত কোন আছিল সেইকথা স্পষ্টকৈ আজিও কোৱাটো সম্ভৱ নহ’ল। কিন্তু নেলীৰ গণহত্যা অসমৰ ইতিহাসৰ এখন ৰক্তৰঞ্জিত অধ্যায় হৈ ৰৈ গ’ল।

    ১৯৮৩ চনত নগাঁও জিলাৰ নেলীত এই নিদাৰুণ ঘটনা সংঘটিত হৈছিল। একাংশ সন্দেহজনক অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ১৮ ফেব্ৰুৱাৰীৰ দিনটোত চলিছিল অবাধ হত্যালীলা। ১৮ ফেব্ৰুৱাৰীৰ দিনা ছঘণ্টা জুৰি চলা এই হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে। বেচৰকাৰী সূত্ৰৰ মতে মৃত লোকক সংখ্যা আছিল প্ৰায় ১০,০০০। এই ঘটনা আক্ৰান্ত ১৪ খন গাঁও আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুগডুবা বিল, বুগডুবা হাবি, বৰজলা, বুতুনী, ইন্দুৰমাৰী, মাটি পৰ্বত, মুলাধাৰী, মাটি পৰ্বত নং ৮, শিলভেটা, বৰবুৰী আৰু নেলী।

    আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰবজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি বিভিন্ন তথ্যত প্ৰকাশ পাইছিল। কিন্তু একাংশ লোকে এইসকল লোক অনুপ্ৰৱেশকাৰী আছিল নে নাই সেই লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে। অঞ্চলটোৰ বাসিন্দা সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ষড়যন্ত্ৰমূলকভাৱে বিদেশী আখ্যা দি হত্যা কৰা হৈছিল বুলিও অভিযোগ উত্থাপন হৈ আহিছে।

    ১৯৮৩ চনত অসম আন্দোলনৰ মাজতে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ সময়তে অসমৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। নেলীৰ হত্যাকাণ্ড তেনে বিক্ষিপ্ত ঘটনাবোৰৰে বিষম পৰিণতি আছিল বুলি ধাৰণা কৰা হয়। অসম আন্দোলনৰ নেতাসকলে অবৈধ অনুপ্ৰবেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু চৰকাৰে নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যজুৰি ব্যাপক গণ-আন্দোলনৰ সূত্ৰপাত ঘটে। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এই নিৰ্বাচনৰ ফলাফলক বাতিল কৰি নতুন নিৰ্বাচন অনুষ্ঠিত হয়।

    নেলী গণহত্যাৰ বলি হোৱা লোকসকলৰ ন্যায়ৰ প্ৰসংগও আজিও অমামাংসিত হৈ থকাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিচনে ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে। কিন্তু হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লয়। চৰকাৰে নেলীৰ হত্যাকাণ্ডত নিহত লোকৰ পৰিয়ালক ৫,০০০ টকাকৈ সাহায্য প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰে। হত্যাকাণ্ডৰ পিছত ৬৮৮টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হৈছিল। বাকী ৩৭৮ টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয়। চাৰ্জশ্বীট দিয়া ৩১০ টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে। নেলীৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি কোনো লোককে সেইবাবে আজিও চিহ্নিত কৰিব পৰা হোৱা নাই আৰু আজিলৈকে কাৰো বিৰুদ্ধে বিচাৰ হোৱা নাই। অসমৰ ইতিহাসৰ এটা ভয়ংকৰ গণহত্যাৰ ঘটনাৰ ক্ষেত্ৰত এয়াও এক চৰম পৰিহাস হিচাপেই চিহ্নিত হৈ ৰৈছে।