ডিজিটেল ডেস্কঃ দুর্ঘটনাত পতিত হৈ নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ ড° ৰঞ্জন ভড়ালীৰ মৃত্যু৷
এসপ্তাহ পূৰ্বে কাৰ্বি আংলঙৰ লাংহিঙত দুৰ্ঘটনাত পতিত হৈছিল ড° ৰঞ্জন ভড়ালী।
গুৱাহাটীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছিল ভড়ালী।
দুৰ্ঘটনাত আহত হৈছিল তেওঁৰ পত্নী-পুত্ৰও।
নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদত অৱসৰ গ্ৰহণ কৰিছিল ভড়ালীয়ে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ পাঠ্যক্ৰমৰ কেইবাখনো পুথিৰ লেখক আছিল ড° ৰঞ্জন ভড়ালী।
ভড়ালীৰ বিয়োগত নগাঁৱত শোকৰ ছাঁ।
শিক্ষাবিদগৰাকীৰ বিয়োগত শোক প্ৰকাশ মন্ত্ৰী পিযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়, নগাঁও জিলা ছাত্ৰ সন্থা আৰু নগাঁও প্ৰেছ ক্লাৱৰ৷
Leave A Comment