National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
তুৰস্কঃ তালিবানে আফগানিস্থান দখল কৰাৰ পাছত ক্ৰমাত অস্থিৰ হৈ পৰিছে দেশ। তালিবানী ত্ৰাসৰ সমান্তৰালকৈ প্ৰবল ৰূপত দেখা দিছে আফগান শৰণাৰ্থীৰ সমস্যাই। শেহতীয়াকৈ আফগান শৰণাৰ্থীসকলৰ নিৰাপত্তা সম্পৰ্কত তুৰ্কীৰ আপোচহীন মন্তব্যই তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। আফগান শৰণাৰ্থীৰ বোজা ল’ব নোখোজে তুৰ্কীয়ে। ইউৰোপীয় ইউনিয়ন পৰিষদৰ সভাপতি চাৰ্লছ মিশেলৰ সৈতে টেলিফোনিক বাৰ্তালাপত এই কথা সদৰী কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰিছেপ টাইয়েপ এৰ্দোগানে।
দীৰ্ঘসময়ৰ ফ’নালাপত এৰ্দোগান আৰু মিশেলে আঞ্চলিক বিষয়ৰ লগতে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতি তথা আফগান শৰণাৰ্থী সমস্যাৰ বিষয়ে আলোচনা কৰা বুলি তুৰ্কীৰ যোগাযোগ বিভাগৰ এক বিবৃতিত প্ৰকাশ পাইছে। অৱশ্যে, ইউৰোপীয় ইউনিয়নৰ সৈতে তুৰ্কীৰ সম্পৰ্ক বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা এৰ্দোগানে কৈছে যে, ‘তুৰ্কীৰ প্ৰাথমিক লক্ষ্য হৈছে আফগানিস্তানত বহনক্ষম শান্তি আৰু স্থিৰতাৰ লগতে তুৰ্কী নাগৰিকসকলক দেশখনৰ পৰা সুৰক্ষিতভাৱে ঘূৰাই অনা।’
তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, ‘তুৰ্কীয়ে ইতিমধ্যে ৫ নিযুত শৰণাৰ্থীক স্থান দিছে। গতিকে দেশখনে শৰণাৰ্থীসকলৰ নতুনকৈ বোজা লোৱাৰ ক্ষমতা আৰু নাই।’
ইউৰোপীয় ইউনিয়নে তুৰস্কক আফগানিস্তানলৈ ইউৰোপীয় ইউনিয়ন মিছনৰ স্থানীয় কৰ্মচাৰীসকলক গ্ৰহণ কৰিবলৈ কৰা অনুৰোধৰ প্ৰত্যুত্তৰত এৰ্দোগানে এইকথা প্ৰকাশ কৰিছে।
Leave A Comment