• আফগানিস্তানত মহিলা, শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি

    আন্তঃৰাষ্ট্ৰীয়
    আফগানিস্তানত মহিলা, শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি

    কাবুল: ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত শেহতীয়াকৈ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। সোমবাৰে প্ৰকাশিত প্ৰতিবেদনখনৰ মতে, ২০০৯ চনত ৰাষ্ট্ৰসংঘই প্ৰণালীবদ্ধভাৱে গণনা আৰম্ভ কৰাৰ পাছত যিকোনো বছৰৰ প্ৰথম ৬মাহতকৈ ২০২১ চনৰ প্ৰথমাৰ্দ্ধত আফগানিস্তানত অধিক মহিলা আৰু শিশুৰ মৃত্যু হৈছে। যুদ্ধবিধ্বস্ত দেশখনত বছৰৰ প্ৰথম ৬মাহত সমগ্ৰ আফগানিস্তানত হিংসাত্মক ঘটনাত নিহত আৰু আহত হোৱা নাগৰিকৰ সংখ্যা ৪৭ শতাংশলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ বিশেষ প্ৰতিনিধি ডেবৰা লিয়ন্সে কয়, ‘মই তালিবান আৰু আফগান নেতাসকলক সংঘৰ্ষৰ ভয়ংকৰ আৰু সাধাৰণ লোকৰ ওপৰত ইয়াৰ বিধ্বংসী প্ৰভাৱৰ প্ৰতি সুদৃষ্টি প্ৰদানৰ অনুৰোধ জনাইছো।’ বৰ্ধিত হিংসাৰ পৰিৱেশ শীঘ্ৰে স্তিমিত কৰিব পৰা নগ’লে চলিত বৰ্ষত অসংখ্য আফগান নাগৰিক ধ্বংস হোৱাৰ সম্ভাৱনা প্ৰতিবেদনখনত স্পষ্টকৈ প্ৰকাশ পাইছে।


    শেহতীয়াকৈ, তালিবানে দ্ৰুতগতিত গুৰুত্বপূৰ্ণ কেইবাটাও অঞ্চল দখল কৰিছে, কেইবাখনো চুবুৰীয়া দেশৰ সৈতে সীমান্ত অতিক্ৰম কৰাৰ লগতে কেইবাখনো প্ৰাদেশিক ৰাজধানীক ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাট’( NATO) ৰ সৈন্যসকলে আফগানিস্তান ত্যাগ কৰাৰ লগে লগে তালিবানৰ অগ্ৰগতি ব্যাপক হাৰত বৃদ্ধি পাবলৈ লৈছে।
    প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ প্ৰথমাৰ্দ্ধত মহিলা-শিশুৰ নিহত আৰু আহতৰ সংখ্যা ৪৬ শতাংশ। ইয়াৰে ৩২ শতাংশ শিশু। ৪৬৮ জন নিহত আৰু ১,২১৪ জন আহত হৈছিল। ইফালে সংঘৰ্ষত মহিলা হতাহতিৰ হাৰ ১৪ শতাংশ। ইয়াৰে ২১৯গৰাকী নিহত আৰু ৫০৮গৰাকী আহত মহিলা হয়।