• আৰবত আশ্ৰয় লৈছে আফগানিস্তানৰ ৰাষ্ট্রপতিয়ে !

    আন্তঃৰাষ্ট্ৰীয়
    আৰবত আশ্ৰয় লৈছে আফগানিস্তানৰ ৰাষ্ট্রপতিয়ে !

    কাবুল: আফগানিস্তানত তালিবানে চলোৱা বৰ্বৰতাৰ পাছতে আৰবত আশ্ৰয় লৈছে আফগানিস্তানৰ ৰাষ্ট্রপতিয়ে৷ নিৰৱতা ভংগ কৰি আশ্ৰফ গনিয়ে এক ভিডিঅ’ বাৰ্তাযোগে মতপ্ৰকাশ কৰে৷ দেশত্যাগ নকৰা হ’লে প্ৰৱল ৰক্তপাত হ’লহেঁতেন বুলিও উল্লেখ কৰে বাৰ্তাত৷





    ৰাষ্ট্রপতিগৰাকীয়ে দেশৰ পৰা পলায়ন কৰাক লৈ অৱস্থানক লৈ ৰহস্যৰ সৃষ্টি হৈছিল৷ ভিডিঅ’ৰ জৰিয়তে ৰাষ্ট্রপতিগৰাকীয়ে কয় যে, যদিহে তেঁও দেশ ত্যাগ নকৰিলহেঁতেন তেন্তে তালিবানীয়ে আফগানীসকলক ‘হয়তো হত্যা কৰি লাইটপোষ্টত ওলমাই থ’লেহেঁতেন’৷





    দেওবাৰে দেশৰ পৰা পলাইছিল আশ্ৰফ গনিয়ে৷ শীঘ্ৰে আফগানিস্তানলৈ প্ৰত্যাৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে গনিয়ে৷ বৰ্তমান আৰবত আশ্ৰয় লোৱাৰ কথা স্বীকাৰ কৰে দেশখনে৷ মানৱীয় দৃষ্টিৰে গনিক আশ্ৰয় দিয়া বুলি প্ৰকাশ কৰিছে ভিডিঅ’টোত৷