Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পাকিস্তান! অৰ্থনৈতিক অচলাৱস্থাত ভুগি পাকিস্তানে আনকি প্ৰধানমন্ত্ৰী ইমৰান খানৰ ঘৰো ভাড়াত দিবলৈ ওলোৱা বাতৰি প্ৰকাশ পাইছিল। পাকিস্তানত নিবনুৱাৰ হাৰ ৬.৫ শতাংশ বুলি ইমৰান খানে দাবী কৰিছিল যদিও প্ৰকৃত তথ্যই উদ্বেগজনক দিশহে প্ৰকাশ কৰে। ‘পাকিস্তান ইনষ্টিটিউট অব ডেভেলপমেণ্ট ইক'নমিক্স’ৰ মতে, পাকিস্তানৰ নিবনুৱাৰ হাৰ ১৬ শতাংশ।
নিবনুৱা সমস্যাৰ ঊৰ্ধ্বমুখী হাৰৰ কথা উনুকীয়াই PIDE-এ জনায় যে, বৰ্তমান সময়ত দেশখনৰ শিক্ষিত লোকৰ প্ৰায় ২৪ শতাংশই নিবনুৱা। শেহতীয়াকৈ প্ৰকাশিত এক তথ্যই উদঙাইছে পাকিস্তানৰ নিবনুৱা সমস্যা। এখন উচ্চ ন্যায়ালয়ৰ এটা পিয়ন পদৰ বাবে আবেদন কৰে প্ৰায় ১৫ লাখ পাকিস্তানী নাগৰিকে। আবেদনকাৰীসকলৰ ভিতৰত কিছুসংখ্যক এমফিল ডিগ্ৰীধাৰীও আছিল।
দেশখনৰ বহুসংখ্যক শিক্ষিত লোকে উচ্চশিক্ষাৰ বাবে মন মেলি বিভিন্ন ডিগ্ৰী লাভ কৰিও এটা উপযুক্ত সংস্থাপনৰ বাবে হাবাথুৰি খাবলগীয়া হয়। তেনেক্ষেত্ৰত এটা পিয়ন পদৰ বাবে এমফিল ডিগ্ৰীধাৰীয়ে আবেদন কৰাটো যথেষ্ট উদ্বেগজনক।
উল্লেখযোগ্য যে, ‘পাকিস্তান ব্যুৰ’ অব ষ্টেটিষ্টিকছ’ৰ এক সমীক্ষাত প্ৰকাশ পোৱা মতে, পাকিস্তানত নিবনুৱাৰ হাৰ ২০১৭-১৮ বৰ্ষৰ ৫.৮ শতাংশৰ পৰা ২০১৮-১৯ বৰ্ষত ৬.৯ শতাংশলৈ জাঁপ মাৰে।
Leave A Comment