scatter hitamscatter hitamslot thailandmpo slotslot thailandsv388
ট্ৰাম্প সমৰ্থকৰ হিংসা : আমেৰিকাৰ সংসদৰ বাহিৰত ৪জনৰ মৃত্যু, আটক ৫২ Latest Assam News , Best Assamese News Channel, Assam News Live , North East Breaking news
  • ট্ৰাম্প সমৰ্থকৰ হিংসা : আমেৰিকাৰ সংসদৰ বাহিৰত ৪জনৰ মৃত্যু, আটক ৫২

    আন্তঃৰাষ্ট্ৰীয়
    ট্ৰাম্প সমৰ্থকৰ হিংসা : আমেৰিকাৰ সংসদৰ বাহিৰত ৪জনৰ মৃত্যু, আটক ৫২

    ৱাশ্বিংটন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ শপতগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু তেওঁৰ সমৰ্থকসকল আক্ৰমণাত্মক হৈ উঠিছে। ৰাজনৈতিক টনা-আঁজোৰাৰ ফলত বুধবাৰে হোৱাইট হাউছ আৰু কেপিটল ভৱনৰ বাহিৰত ট্ৰাম্প সমৰ্থকসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।





    আৰু পঢ়িব পাৰিব : বিহ খুৱাই হত্যাৰ চেষ্টা ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানীক! চাঞ্চল্য





    ট্ৰাম্পৰ সমৰ্থকসকৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এগৰাকী মহিলাসহ চাৰিজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে। এই ঘটনাত একাংশ আৰক্ষীৰ লোকো আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পাছত প্ৰায় ৫২জনকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে। হিংসাত্মক ঘটনাটোৰ পাছতে ৱাশ্বিংটন ডিচিত সান্ধ্য আইন জাৰি কৰা হয়।





    আৰু পঢ়িব পাৰিব : গুৱাহাটী পালেহি বাৰ্ড ফ্লু! চিৰিয়াখানাত নিষিদ্ধ মুৰ্গী মাংস…





    পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৱাশ্বিংটনত ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোটায়েন কৰা হৈছে।ঘটনাটোৰ পাছতে ট্ৰাম্পৰ দুজন সহায়কেও পদত্যাগ কৰিছে। ঘটনাটোৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা, জৰ্জ ডব্লিউ বুশ্ব তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো নেতাই ট্ৰাম্পক গৰিহনা দিয়ে৷