Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
ট’কিঅ’: এথলীট প্ৰবীণ কুমাৰে ট’কিঅ' পেৰালিম্পিকত হাইজাম্পত ৰূপৰ পদক লাভ কৰে। ১৮ বছৰীয়া প্ৰবীণে ২.০৭ মিটাৰ জঁপিয়াই দ্বিতীয় স্থান লাভ কৰে। ট’কিঅ' পেৰালিম্পিকত এইটো ভাৰতৰ ১১সংখ্যক পদক।
গ্ৰেট ব্ৰিটেইনৰ ব্ৰুম-এডৱাৰ্ডছ জনাথনে ২.১০ মিটাৰ সোণৰ পদক অৰ্জন কৰাৰ লগতে পোলেণ্ডৰ লেপিয়াটো মাচিজোৱে ২.০৪ মিটাৰ এই প্ৰতিযোগিতাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে এতিয়ালৈকে ট’কিঅ' পেৰালিম্পিকত ২টা স্বৰ্ণ, ৬টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক জিকিছে।
ভাৰতে হাইজাম্পত ৪টা পদক জিকিছে। পেৰালিম্পিক ইতিহাসত এইটো ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে, ভাৰতে ২০১৬ চনত ৰিঅ' পেৰালিম্পিকত ২টা স্বৰ্ণসহ ৪টা পদক জিকিছিল।
Leave A Comment