National
The numbers clearly indicate a significant progress in the development of mechanism to settle international trade in Indian rupees.
কাবুলঃ পিন্ধনত ভৰিৰ পৰা মূৰলৈ আৱৰা ক'লা বোৰ্খা, হাতত তালিবানৰ পতাকা। এনেদৰে তালিবানৰ সমৰ্থনত শনিবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত ৩০০ ৰো অধিক মহিলাই গণ সমদল উলিয়ায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহিলাসকলে কাবুলৰ শ্বহীদ ৰব্বানী শিক্ষা বিশ্ববিদ্যালয়ৰ লেকচাৰ থিয়েটাৰত উলিওৱা তালিবানৰ সমৰ্থনত সমদলটোত অংশগ্ৰহণ কৰিছিল। সমদলটোত মহিলাসকলে পশ্চিমীয়া শাসকৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰে আৰু ইছলামবাদীসকলৰ নীতিৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।
আমি ৰাজপথত প্ৰতিবাদ কৰা মহিলাসকলৰ প্ৰতিনিধি বুলি ক'লা বোৰ্খাৰে আবৃত এগৰাকী বক্তাই কৈছিল। পূৰ্বৰ চৰকাৰে মহিলাসকলক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, পূৰ্বৰ চৰকাৰক ভাল পোৱাটো স্বাধীনতা নেকি? নহয়, এইটো সেই স্বাধীনতা নহয়। সেই চৰকাৰে মহিলাসকলক উৎপীড়ন কৰি আছিল। তেওঁলোকে কেৱল সৌন্দৰ্যৰ আধাৰত মহিলাসকলক নিযুক্ত কৰা বুলিও অভিযোগ উত্থাপন কৰিছে আফগান মহিলাই।
শিক্ষা মন্ত্ৰালয়ৰ বৈদেশিক সম্পৰ্কৰ সঞ্চালক ডাউড হাক্কানিয়ে সদৰী কৰে যে, মহিলাসকলক সমদলটো আয়োজন কৰিবলৈ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচৰাত তেওঁলোকক অনুমোদন দিয়া হৈছিল। তালিবানে মঙলবাৰে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছিল। কিন্তু সেই মন্ত্ৰীসভাত কোনো মহিলাই পদ নাপালে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কাবুলত প্ৰতিবাদ চলি আছে। তালিবানে প্ৰতিবাদ দমন কৰিবলৈ খালী গুলী, লাঠিচাৰ্জ, কন্দুৱা গেছ আৰু আনকি চাবুক ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদী মহিলাই। কিন্তু সকলোকে আচৰিত কৰি মহিলাসকলে তালিবানৰ হৈ পোন প্ৰথম বাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
Leave A Comment