• পঞ্জশ্বিৰত আচলতে কি চলিছে: পঢ়ক শেহতীয়া খবৰ

    আন্তঃৰাষ্ট্ৰীয়
    পঞ্জশ্বিৰত আচলতে কি চলিছে: পঢ়ক শেহতীয়া খবৰ

    ডিজিটেল ডেস্কঃ তালিবান বিৰোধী বিদ্ৰোহৰ অগনি দপদপাই জ্বলি থকা পঞ্জশ্বিৰ দখল কৰাৰ বাবে তালিবানীয়ে অহৰ্নিশে যুদ্ধ চলাই গৈছে। পাকিস্তানী সেনাই এইক্ষেত্ৰত তেওঁলোকক প্ৰত্যক্ষভাৱে সহায় কৰি আছে বুলি ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনী (এন আৰ এফ)ৰ নেতৃত্বই বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছে।তথাপিতো কিন্তু তালিবানীয়ে দখল কৰিব পৰা নাই পঞ্জশ্বিৰ। অৱশ্যেই পঞ্জশ্বিৰ অভিযান সফল হোৱাৰ দাবী তালিবানে বহুকেইবাৰ কৰিছে আৰু প্ৰতিবাৰেই বিদ্ৰোহী সকলৰ নেতৃত্বই সেই দাবী মিছা বুলি কৈ আহিছে।





    এইবাৰো তালিবানে একেই দাবী কৰিছে। কিন্তু ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনীয়ে পুনৰাই সেই দাবী মিছা বুলি স্পষ্টকৈ জনাইছে। ৰাষ্ট্ৰীয় প্ৰতিৰোধ বাহিনীৰ নেতৃত্বই জনাইছে যে তেওঁলোকৰ সমূহ নেতা সম্পূৰ্ণ নিৰাপদে আছে। ইতিমধ্যেই এন আৰ এফৰ নেতা আহমদ মাছুদে আফগানিস্তানৰ সমূহ জনগণক এক জাতীয় বিদ্ৰোহৰ নেতৃত্ব ল’বলৈ আহ্বান জনাইছে।
    আহমদ মাছুদে এটা অ‘ডিঅ’ বাৰ্তা যোগে কয়, “ আপোনালোকে ঘৰৰ বাহিৰত অথবা ভিতৰত য’তেই নাথাকক কিয়, মই আপোনালোকক এক জাতীয় বিদ্ৰোহৰ সূচনা কৰিবলৈ আহ্বান জনাইছো।দেশখনৰ একতা, স্বাধীনতা আৰু উন্নয়নৰ স্বাৰ্থত এই বিদ্ৰোহ হ’ব লাগে”।






    মাছুদৰ এই আহ্বানৰ পিছতে এন আৰ এফৰ প্ৰবক্তা আলী মাইছম নাজাৰীয়ে টুইট বাৰ্তাযোগে বহুসংখ্যক লোকে তেওঁলোকৰ বাহিনীত যোগ দি তালিবানৰ বিৰুদ্ধে যুঁজত সহায় কৰিছে বুলি দাবী কৰে।
    ইফালে তালিবানে নিজৰ দাবীত অটল থাকি কয় যে পাঞ্জশ্বিৰৰ পতনৰ পিছতে আফগানিস্তানৰ ৰাষ্ট্ৰপতি বুলি দাবী কৰি অহা আম্ৰুল্লাহ চালেহে দেশ এৰি তাজিকিস্তানলৈ পলায়ন কৰিছে। অৱশ্যে তালিবানে পঞ্জশ্বিৰৰ লোকসকলৰ সৈতে কোনো বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা নহয় বুলি নিশ্চিতি প্ৰদান কৰিছে।