Sports
কাবুল : তালিবানক লৈ আফগানিস্তান-পাকিস্তানৰ মাজৰ সম্পৰ্ক বিঘ্নিত হোৱাৰ পাছত শেহতীয়াকৈ আন ভালেমান পাৰ্শ্বক্ৰিয়া সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, পাকিস্তানত থকা আফগান ৰাষ্ট্ৰদূতৰ কন্যাক অপহৰণ কৰা হৈছে। তেওঁক কোনো অজ্ঞাত আততায়ীয়ে কেইবাঘণ্টা আবদ্ধ কৰি ৰাখি নিৰ্মম অত্যাচাৰ চলোৱা বুলি প্ৰকাশ কৰিছে আফগানিস্তান চৰকাৰে।
শনিবাৰে এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰে আফগানিস্তান চৰকাৰে। ছিলছিলা আলিখি নামৰ ৰাষ্ট্ৰদূতৰ কন্যাগৰাকীক অপহৰণ কৰি কেইবাঘণ্টাৰ বাবে আবদ্ধ কৰি ৰখাৰ লগতে তেওঁ অতি ব্যাপকভাৱে অত্যাচাৰ কৰা হয় বুলি প্ৰকাশ কৰিছে আফগান চৰকাৰে। অপহৰণকাৰীৰ অত্যাচাৰত আহত হৈ পৰা আলিখিক চিকিৎসা চলাই থকা হৈছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই থকা বুলি প্ৰকাশ কৰিছে। ইফালে, পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই ঘটনাক অগ্ৰাধিকাৰৰ ভিত্তিত তদন্ত কৰাটো বিচাৰিছে। ৪৮ঘণ্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ কৰা হব বুলি প্ৰকাশ কৰিছে দেশখনৰ বৈদেশিক মন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে।
Leave A Comment