• ৰঙিয়াৰ দুই যুৱতী অশ্লীল ছবি নিৰ্মাণকাৰী চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ

    আঞ্চলিক
    ৰঙিয়াৰ দুই যুৱতী অশ্লীল ছবি নিৰ্মাণকাৰী চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ
    ডিজিটেল ডেস্কঃ ৰঙিয়াৰ হালিকুছি গাঁৱৰ দুগৰাকী যুৱতী যোৱা ১৫ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকাৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুছলমান সম্প্ৰদায়ৰ দুয়োগৰাকী যুৱতী অশ্লীল ছবি নিৰ্মাণকাৰী চক্ৰৰ কবলত পৰাৰ সন্দেহ প্রকাশ কৰিছে পৰিয়ালৰ লোকে। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২১ জানুৱাৰীত দিনৰ ১১ বজাত হালিকুছি গাঁৱৰ দুলাল আলীৰ কন্যা তছলিমা বেগমে ঘগ্ৰাপাৰৰ বনভাগ মহাবিদ্যালয়ত প্রজেক্ট জমা দিয়াৰ বাবে ওলাই গৈছিল। লগত ওলাই গৈছিল দুলাল আলীৰ ভাতৃ ইছলাম আলীৰ এগৰাকী কন্যা। 

    পিছে সন্ধিয়া পর্যন্ত দুয়োগৰাকী যুৱতী ঘৰলৈ উভতি নহাত পৰিয়াল দুটাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উপায়হীন হৈ দুলাল আলীয়ে সেইদিনাই নিশা ঘগ্ৰাপাৰ থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বিষয়টোত অতি বেপেৰোৱা মনোভাব গ্ৰহণ কৰে। দুলাল আলীয়ে জানিবলৈ দিয়া মতে ঘগ্রাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে যুৱতী দুগৰাকীৰ সন্ধান উলিওৱাৰ বিপৰীতে ২৫ জানুৱাৰীৰ দিনা তেওঁলোকক ইছমাইল আলী নামৰ এজন বেজৰ ম'বাইল নম্বৰ দি তেওঁৰ ওচৰলৈ যাবলৈ কয়। ইফালে ঘগ্ৰাপাৰ আৰক্ষীয়ে ২৫ জানুৱাৰীৰ দিনাই গোচৰটো ৰঙিয়া থানালৈ হস্তান্তৰিত কৰে। পিছে অভিযোগ অনুসৰি ৰঙিয়া থানাৰ তদন্তকাৰী বিষয়াগৰাকীয়ে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত অতি নিষ্ক্রিয় ভূমিকা গ্রহণ কৰি পৰিয়াল দুটাক চৰম হতাশাৰ মাজলৈ ঠেলি দিছে। দুলাল আলীয়ে জনোৱা মতে তদন্তকাৰী বিষয়াগৰাকীয়ে পৰিয়াল দুটাক তেওঁলোকৰ ছোৱালী কোম্পানীত কাম কৰি আছে, সেয়ে তেওঁলোক উভতি নাহে বুলি জনাই দায়িত্ব সামৰিছে। 

    আৰক্ষীৰ এনে দায়িত্বজ্ঞানহীন কর্মকাণ্ডত পৰিয়াল দুটাই এতিয়া যুৱতী দুগৰাকীৰ সুৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে। নিৰুদ্দিষ্ট যুৱতী তছলিমাৰ পিতৃ দুলাল আলীয়ে জানিবলৈ দিয়া মতে যুৱতী দুগৰাকী নিৰুদ্দিষ্ট হোৱাৰ আঁৰত বৰপেটাৰ আজি মুস্তা (ম'বাইল নম্বৰ- ৬০০০৯০৬২৩২) নামৰ এজন যুৱক প্রত্যক্ষভাৱে জড়িত আছে। কিয়নো ৰঙিয়া থানাৰ তদন্তকাৰী বিষয়াই সম্ভেদ দিয়া বৰপেটাৰ আজি মুস্তা নামৰ যুৱকজনৰ লগত পৰিয়াল দুটাই ফ'নযোগে যোগাযোগ কৰাত আজি মুস্তাই যুৱতী দুগৰাকীৰ লগত তেওঁলোকক ফ'নত কনফাৰেন্সযোগে কথা পতাই দিছিল যদিও যুৱতী দুগৰাকী ক'ত আছে সেই বিষয়ে জনোৱাৰ পৰা বিৰত আছিল। 

    আনহাতে সমগ্ৰ ঘটনাৰ আঁৰত ছাদ্দাম (ম'বাইল নম্বৰ- ৮৬৩৮৭৮৮৮২৭) নামৰ আন এজন যুৱক আৰু পূর্ণিমা (ম'বাইল নম্বৰ- ৬৯০১৩৪৮৯২৬) নামৰ এগৰাকী মহিলাও জড়িত আছে বুলি পৰিয়াল দুটাই সন্দেহ ব্যক্ত কৰিছে। ঘটনাৰ দিনা নিশা এই ছাদ্দাম নামৰ যুৱকজনে যুৱতী দুগৰাকী জালুকবাৰীৰ কৃষ্ণচূড়া ধাবা নামৰ এখন হোটেলত থকা বুলি পৰিয়াল দুটাক জানিবলৈ দিছিল। পৰিয়াল দুটাৰ মতে বৰপেটাৰ আজি মুস্তা, ছাদ্দাম আৰু পূর্ণিমা নামৰ মহিলাগৰাকীক কৰায়ত্ত কৰিলেই যুৱতী দুগৰাকীৰ সন্ধান ওলাই পৰিব। পিছে আৰক্ষীয়ে এইসকলক কিয় কৰায়ত্ত কৰিবলৈ অনীহা প্রকাশ কৰিছে সি ৰহস্যজনক। 

    সোমবাৰে গুৱাহাটীৰ দিছপুৰৰ এখন হোটেলত বৰপেটা আৰু হাতীগাঁৱৰ ছয়জনকৈ যুৱকে এগৰাকী বাংলাদেশী যুৱতীক আনি অশ্লীল ছবি নিৰ্মাণৰ প্ৰচেষ্টা চলোৱা সন্দৰ্ভত আজি বাতৰি প্ৰকাশ হোৱাৰ পিছতে পৰিয়াল দুটাৰ মাজত সম্প্রতি তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে।

    উৎস: দৈনিক জনমভূমি