ডিজিটেল ডেস্কঃ ছর্ট টার্ম ভিছা থকা পাকিস্তানীৰ দেশলৈ উভতি যোৱাৰ চূড়ান্ত সময়সীমা ২৭ এপ্রিলত শেষ হোৱাৰ আগত মুঠ ৫৩৭জন পাকিস্তানীয়ে যোৱা তিনি দিনত আতাৰী সীমান্তইদি দেশলৈ উভতি যায়।
আনহাতে যোৱা তিনি দিনত ৮৫০জন ভাৰতীয় পাকিস্তানৰ পৰা দেশলৈ উভতি আহে। আতাৰী সীমান্তত থকা প্রট'কল বিষয়াই এই কথা জনায়। কেৱল দেওবাৰেই ২৩৭জন পাকিস্তানী দেশলৈ যায় আৰু ১১৬জন ভাৰতীয় দেশলৈ উভতি আহে।
ভাৰতৰ বিদেশ সচিব বিক্রম মিস্ত্রীয়ে ২৩ এপ্রিলত জনাইছিল যে পাকিস্তানী নাগৰিকৰ ১৪টা শ্ৰেণীৰ ভিছা বাতিল কৰা হৈছে। ১৩টা শ্ৰেণীৰ ভিছা থকাসকলক ২৫ এপ্ৰিলৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ কোৱা হৈছিল। পাছত দুটা দিন বৃদ্ধি কৰা হৈছিল। দেওবাৰে ইয়াৰে ১২টা শ্ৰেণীৰ ভিছা প্রাপ্তসকলৰ ভাৰত ত্যাগৰ চূড়ান্ত সময়সীমা দিয়া হৈছিল। আনহাতে, মেডিকেল ভিছা থকা পাকিস্তানীসকলে ২৯ এপ্ৰিলৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব।
ইয়াৰ বাহিৰে পাকিস্তান উচ্চ আয়োগৰ প্ৰতিৰক্ষা, নৌ সেনা আৰু বায়ু সেনাৰ যিসকল কূটনীতিকক 'অনাৱশ্যকীয়' (আনৱান্টেড) ঘোষণা কৰা হৈছিল, তেওঁলোকে ৩০ এপ্ৰিলৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব। অৱশ্যে 'লং টার্ম' ভিছা থকাসকল তথা কূটনৈতিক আৰু চৰকাৰী ভিছা থকাসকলক 'ভাৰত ত্যাগ' নিৰ্দেশৰ পৰা ৰেহাই দিয়া হৈছিল। চৰকাৰে পাকিস্তানী নাগৰিকৰ বাবে দেওবাৰে বিয়লি এখন জাননী জাৰি কৰে। ইয়াত কোৱা হৈছে যে ইতিমধ্যে দিয়া চূড়ান্ত সময়ৰ ভিতৰত ভাৰত ত্যাগ নকৰিলে গ্ৰেপ্তাৰ কৰি মোকদমা চলোৱা হ'ব। এনে পাকিস্তানী নাগৰিকে ৩ বছৰ কাৰাদণ্ড বা ৩ লাখ টকা জৰিমনা বা দুয়োটাই ভুগিব লাগিব।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment