ডিজিটেল ডেস্কঃ পেহেলগাম নাৰকীয় হত্যালীলাৰ পাছত সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত আছে। এই অভিযানত দেশৰ ভিতৰতে সৰ্বাধিক দেশদ্রোহী ওলাইছে অসমত।
পেহেলগাম-কাণ্ডৰ পাছৰ পৰা আজি পর্যন্ত সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য কৰাৰ বাবে সমগ্র দেশত মুঠ ২৯জন লোকক গ্রেপ্তাৰ কৰা হৈছে। লক্ষণীয়ভাৱে ইয়াৰে ১৭জনেই অসমৰ। ৰাজ্যত কালি গ্রেপ্তাৰ হোৱা দেশদ্রোহীৰ সংখ্যাই ১৭ স্পর্শ কৰে। অসমৰ ১২খন জিলাৰ পৰা সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য দিয়া এই লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ধৃত লোকসকলৰ সৰ্বাধিক ৪জন লোক কাছাৰ জিলাত গ্ৰেপ্তাৰ কৰা হৈছে। হাইলাকান্দি আৰু নগাঁও জিলাত ২জনকৈ আৰু শ্রীভূমি, মৰিগাঁও, শিৱসাগৰ, বৰপেটা, বিশ্বনাথ, ওদালগুৰি, কামৰূপ মহানগৰ (গুৱাহাটী), হোজাই আৰু তামুলপুৰ জিলাত ১জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানক সমর্থন কৰি আৰু ভাৰতৰ বিৰোধিতা কৰি এইপর্যন্ত আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকসকল হ'ল কাছাৰ জিলাৰ এ কে বাহাউদ্দিন, জাভেদ মজুমদাৰ, বক্তাৰ হুছেইন বৰভূঞা আৰু ইমৰান হুছেইন বৰভূঞা।
হাইলাকান্দি জিলাৰ জাবিৰ হুছেইন আৰু সুমন মজুমদাৰ, নগাঁও জিলাৰ আমিনুল ইছলাম আৰু মাচুদ আজাহাৰ, মৰিগাঁও জিলাৰ মাজাহাৰ মিঞা ওৰফে মুজিহিৰুল ইছলাম, শিৱসাগৰ জিলাৰ চাহিল আলী, বৰপেটা জিলাৰ জাৰিফ আলী ওৰফে ছৰিফ সিং, বিশ্বনাথ জিলাৰ অনিল বণিয়া, শ্রীভূমি জিলাৰ মুস্তাক আহমেদ ওৰফে ছাহেল, ওদালগুৰি জিলাৰ বিমল মাহাতো, গুৱাহাটীৰ ডিম্পল বৰা, হোজাই জিলাৰ মকছিদুল আলম আৰু তামুলপুৰ জিলাৰ তাহিব আলী। আৰক্ষীয়ে আজি নগাঁৱৰ চামগুৰিৰ পৰা পেনাই বজাৰৰ মাচুদ আজাহাৰ আৰু ভাৰত-ভূটান সীমান্তৰ এন কে দৰঙাৰ পৰা তাহিব আলীক গ্ৰেপ্তাৰ কৰে।
ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত ভুৱা একাউণ্টেৰে পাকিস্তানৰ সপক্ষে বা ভাৰতৰ বিৰুদ্ধে মন্তব্য দিয়া লোকৰ মুখলৈ নোচোৱাকৈ গ্রেপ্তাৰ কৰাৰ কথা পুনৰবাৰ দোহাৰে। তেওঁ কয় যে এনে মন্তব্য দিয়া লোকসকল হিন্দুৱেই হওক বা মুছলমান, কাকো ৰেহাই দিয়া নহ'ব। প্রণিধানযোগ্য যে পহলগাম-কাণ্ডৰ পাছত সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য দিয়াৰ বাবে এইপর্যন্ত মধ্যপ্রদেশ আৰু ত্ৰিপুৰাত ৪জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰি উত্তৰ প্রদেশ, ছট্টিশগড়, ঝাৰখণ্ড আৰু মেঘালয়ত ১জনকৈ লোকক গ্রেপ্তাৰ কৰা হৈছে। এইপর্যন্ত গ্রেপ্তাৰ হোৱা লোকসকলৰ মাজত জনপ্রতিনিধিৰ উপৰি ছাত্র, অধিবক্তা, সাংবাদিক আৰু শিক্ষকো আছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment