• ক্ষান্ত হোৱা নাই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদঃ শনিবাৰেও নেতানিয়াহুৰ বিৰুদ্ধে ৰাজপথলৈ উলাল ইজৰাইলৰ জনতা

    আন্তঃৰাষ্ট্ৰীয়
    ক্ষান্ত হোৱা নাই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদঃ শনিবাৰেও নেতানিয়াহুৰ বিৰুদ্ধে ৰাজপথলৈ উলাল ইজৰাইলৰ জনতা
    ডিজিটেল ডেস্কঃ পুনৰ প্ৰতিবাদত কঁপি উঠিল ইজৰাইল। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে সমগ্ৰ ইজৰাইলতে প্ৰতিবাদ আৰম্ভ হৈছে। প্ৰতিবাদ ২০ সপ্তাহ পাৰ হৈছে। কিন্তু তথাপিও আন্দোলনটো শান্ত হোৱা নাই, বৰঞ্চ দিনক দিনে বৃদ্ধিহে পাইছে। শনিবাৰেও সমগ্ৰ দেশতে লাখ লাখ লোক ৰাজপথলৈ ওলাই অহা দেখা গৈছে।

    অভিযোগ অনুসৰি দেশৰ আইনী ব্যৱস্থা সংস্কাৰৰ নামত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাক ইমানেই ভেঙুচালি কৰা হৈছে যে ইজৰাইলৰ গণতন্ত্ৰ ধ্বংসৰ পথত। যোৱা জানুৱাৰী মাহৰ পৰা টেল আভিভৰ ৰাজপথত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। এইবাৰ তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ। তাৰেই প্ৰতিফলনৰ ছবিখন শনিবাৰে দেখা গৈছে।

    শনিবাৰে নীলা-বগা পতাকাৰে নেদেখা হৈ পৰিল ইজৰাইলৰ বহু পথ। এই পতাকা এই মুহূৰ্তত প্ৰতিবাদৰ প্ৰতীক। প্ৰতিবাদকাৰীসকলে ‘ইজৰাইলত একনায়কত্ববাদ চলি আছে’ বুলি ধ্বনি দিয়া দেখা গৈছে।

    প্ৰতিবাদকাৰীসকলে কয়- “আৰু কেইঘণ্টামানৰ ভিতৰতে যিকোনো মুহূৰ্ততে এই দেশখন গণতন্ত্ৰৰ পৰা সম্পূৰ্ণ একনায়কত্ববাদলৈ গতি কৰিব। দেশৰ নাগৰিক সেয়ে শংকিত হৈ পৰিছে।’’