comScore
  • আজি বুদ্ধ পূৰ্ণিমাৰ দিনটোতে দৃশ্যমান বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ

    আন্তঃৰাষ্ট্ৰীয়
    আজি বুদ্ধ পূৰ্ণিমাৰ দিনটোতে দৃশ্যমান বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ
    ডিজিটেল ডেস্কঃ আজি ১৬ মে’। আজিৰ দিনটোত পালন কৰা হৈছে বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমাৰ দিনটোতে দৃশ্যমান হৈছে বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ(Lunar Eclipse)। 

    চন্দ্ৰগ্ৰহণ দক্ষিণ-পশ্চিম ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলাণ্টিক আৰু এণ্টাৰ্কটিকাকে ধৰি কেইবাটাও অঞ্চলত দৃশ্যমান হ’ব। 

    ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৭:০২ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ আৰু দুপৰীয়া ১২-২০ বজাত সমাপ্ত হ’ব। পাঁচ ঘন্টাতকৈয়ো অধিক সময় চন্দ্ৰগ্ৰহণ চলিব। অৱশ্যে এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হোৱাৰ সম্ভাৱনা নাই।

    ভাৰতত এই চন্দ্ৰগ্ৰহণ সোমবাৰে পুৱা ৭-৫৭ বজাত আৰম্ভ হ’ব। আজি সূৰ্য আৰু চন্দ্ৰৰ মাজত একেটা শাৰীতে অৱস্থান কৰিব পৃথিৱীয়ে।যাৰ ফলতেই পৃথিৱীৰ ছাঁ-এ ঢাকি পেলাব চন্দ্ৰক। ইয়াকেই চন্দ্ৰগ্ৰহণ বোলা হয়।

    যদি পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে, চন্দ্ৰক পৃথিৱীৰ বাবে সম্পূৰ্ণৰূপে দেখা নাযায় তেতিয়া ইয়াক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়। উল্লেখ্য যে দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব ৮ নবেম্বৰ তাৰিখে। সেই চন্দ্ৰগ্ৰহণো হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।



    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388