ডিজিটেল ডেস্ক : কাষৰীয়া পশ্চিমবংগৰ বক্সিৰহাট আৰক্ষীৰ বৃহৎ সফলতা । অসমৰ পৰা বিলাতী সুৰা কঢ়িয়াই নিয়া ট্ৰাক পশ্চিমবংগ সীমান্তত জব্দ ।
যোৱা নিশা দহ মান বজাত গোপন খবৰৰ ভিত্তিত বক্সিৰহাট আৰক্ষীয়ে অসমৰ পৰা পশ্চিমবংগত প্ৰৱেশ কৰাৰ সময়তে জোৰাই মড়ত থকা নাকা চেকপইণ্টত MP09DY8169 নম্বৰৰ এখন ট্ৰাক আটক কৰে। ট্ৰাকখনত বিশেষকৈ বনোৱা চেম্বাৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা লুকুৱাই নিয়া হৈছিল।
পূৰ্বৰ পৰাই পশ্চিমবংগ আৰক্ষীয়ে এই তথ্য লাভ কৰিছিল। সেই অনুসৰি, বক্সিৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সীমান্ত অঞ্চলত খাপপিটি আছিল। ট্ৰাক খন অসমৰ পৰা পশ্চিমবংগত প্ৰৱেশৰ লগে লগে আৰক্ষীয়ে চালক, হেণ্ডিমেন সহ ট্ৰাকখন জব্দ কৰি থানা লৈ নিয়ে। থানাত তালাচী চলোৱাত গোপন চেম্বাৰৰ পৰা কেইবা লাখ টকাৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে।
Leave A Comment