• সফল সমাপ্তি ঘটিল 'অপাৰেচন কাবেৰী’ৰঃ ঘোষণা কৰিলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

    আন্তঃৰাষ্ট্ৰীয়
    সফল সমাপ্তি ঘটিল 'অপাৰেচন কাবেৰী’ৰঃ ঘোষণা কৰিলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে
    ডিজিটেল ডেস্কঃ সফল সমাপ্তি ঘটিল ‘অপাৰেশ্যন কাবেৰী’ৰ।  যুদ্ধবিধ্বস্ত চুডানৰ পৰা সুকলমে ৩৮৬২ জন ভাৰতীয়ক উদ্ধাৰ কৰা হয় অপাৰেশ্যন কাবেৰীৰে।  বিদেশ মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে এই ঘোষণা কৰে।

    জয়শংকৰে কয় যে ভাৰতীয় বায়ুসেনাৰ চি ১৩০ জে বিমানেৰে আৱদ্ধ হৈ থকা ৪৭ জন যাত্ৰীক ভাৰতলৈ উভতাই অনা হৈছে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।

    মন্ত্ৰীগৰাকীয়ে এটা টুইটযোগে লিখিছে, “৪৭ জন যাত্ৰী কঢ়িয়াই ভাৰতীয় বায়ুসেনাৰ এখন C130 J বিমান ভাৰতত অৱতৰণ কৰিছে। ইতিমধ্যে অপাৰেশ্যন কাবেৰীৰ দ্বাৰা ৩৮৬২ জন ব্যক্তিক চুডানৰ পৰা উদ্ধাৰ কৰা হৈছে।’’

    উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ ১৭খন বিমান আৰু ৫খন নৌসেনাৰ জাহাজৰ জৰিয়তে ভাৰতীয় সকলক চুডানৰ পৰা উদ্ধাৰ কৰি চৌদি আৰৱৰ জেদ্দাৰ নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল। চুডানৰ সীমান্তৱৰ্তী দেশসমূহৰ মাজেৰে উদ্ধাৰ কৰি উলিয়াই অনা হৈছিল ৮৬ গৰাকী ভাৰতীয়ক।

    বিদেশ মন্ত্ৰী জয়শংকৰে ভাৰতীয় লোকসকলক আতিথ্য প্ৰদান কৰাৰ বাবে চৌদি আৰৱৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে এই অভিযানৰ সময়ত সহায় আগবঢ়োৱা চাড, ইজিপ্ত, ফ্ৰান্স, দক্ষিণ চুডান, ইউ এ ই, ব্ৰিটেইন, আমেৰিকা আৰু ৰাষ্ট্ৰসংঘক ধন্যবাদ জনায়। ই এ এম য়ে খাৰ্টুমত থকা দূতাবাস আৰু চৌদি আৰৱত নিয়োজিত টিম ইণ্ডিয়া আৰু ভাৰতত সমন্বয়ক এম ই এ ৰেপিড ৰেচপন্স চেলৰ অৱদানক কৃতজ্ঞতা প্ৰদান কৰে জয় শংকৰে।