• শ্বেখ হাছিনাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলিব

    আন্তঃৰাষ্ট্ৰীয়
    শ্বেখ হাছিনাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলিব
    ডিজিটেল ডেস্ক: বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে কয় যে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনা, তেওঁৰ পৰিয়াল আৰু সহযোগীসকলৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ চলোৱা হ'ব। এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত এই কথা সদৰী কৰে ইউনুছে। কেৱল তেওঁৰ বিৰুদ্ধেই নহয়, বৰং তেওঁৰ সৈতে জড়িত সকলো লোক, তেওঁৰ পৰিয়ালৰ সদস্য, তেওঁৰ সহযোগী আদি সকলোৰে বিৰুদ্ধে গোচৰ চলিব।' 

    উল্লেখযোগ্য যে দেশখনত যোৱা বছৰ হোৱা ছাত্র আন্দোলনৰ সময়ত শ্বেখ হাছিনাই বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় লয়। ইফালে, ৰাষ্ট্ৰসংঘৰ এক তদন্তৰ প্ৰতিবেদনতো শ্বেখ হাছিনা চৰকাৰৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ কৰা হৈছে। প্রতিবেদনখনত কোৱা হৈছিল যে হিংসাত্মক আন্দোলনৰ সময়ত ১৪০০তকৈ অধিক লোকক হত্যা কৰা হয়, যাৰ বিৰুদ্ধে শ্বেখ হাছিনাৰ আৰক্ষী-বিষয়াসকলে মানৱাধিকাৰৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল। 

    শ্বেখ হাছিনাৰ বিৰুদ্ধে দুবাৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে বুলি উল্লেখ কৰি ইউনুছে কয় যে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰীগৰাকীৰ প্রত্যর্পণৰ বাবে ভাৰতক আনুষ্ঠানিভাৱে অনুৰোধ জনোৱা হৈছে। অৱশ্যে ভাৰতে ইয়াৰ উত্তৰ দিয়া নাই বুলিও তেওঁ লগতে কয়।

    উৎসঃ দৈনিক জনমভূমি
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlineslot maxwin