• অহা সপ্তাহত আমেৰিকা-ইউক্ৰেইনৰ আলোচনা

    আন্তঃৰাষ্ট্ৰীয়
    অহা সপ্তাহত আমেৰিকা-ইউক্ৰেইনৰ আলোচনা
    ডিজিটেল ডেস্ক : বিশ্ববাসীৰ বাবে বহু প্রতীক্ষিত ৰাছিয়া-ইউক্রেইনৰ মাজৰ শান্তি চুক্তিৰ সন্দৰ্ভত যোৱা মাহৰ শেষৰফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কীৰ মাজৰ আলোচনা উত্তপ্ত হৈ উত্তৰবিহীন হোৱাৰ পাছত পুনৰ এই শান্তি চুক্তিৰ বিষয়টোৱে অগ্ৰগতিৰ আশা দেখুৱাইছে। 

    ইউক্রেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধ অন্ত পেলোৱাৰ উদ্দেশ্যে শান্তি চুক্তিৰ মূল নীতিসমূহৰ বিষয়ে আলোচনা কৰিবলৈ অহা সপ্তাহত ছৌডি আৰবত মিলিত হ'ব আমেৰিকা আৰু ইউক্রেইনৰ বিষয়াসকল। এই সপ্তাহতে আমেৰিকাই ইউক্রেইনক সামৰিক সাহায্য নিদিয়া তথা চোৰাংচোৱাৰ তথ্য যোগান নধৰাৰ কথা ঘোষণা কৰাৰ পাছতে দুয়োখন  দেশৰ মাজৰ আলোচনাত এই অগ্রগতি দেখা গৈছে। 

    ট্রাম্পৰ বিশেষ দূত ষ্টীভ উইটকফে এই কথা নিশ্চিত কৰে যে শান্তি চুক্তিৰ মূল নীতি নির্ধাৰণ কৰিবলৈ অহা সপ্তাহত তেওঁ ছৌডি আৰবত ইউক্রেইনৰ বিষয়াৰ সৈতে আলোচনাত বহিব। ইফালে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়েও ঘোষণা কৰিছে যে তেওঁ সোমবাৰে এদল বিষয়াৰ সৈতে ছৌডি আৰব ভ্ৰমণ কৰিব আৰু আমেৰিকাৰ বিষয়াৰ  সৈতে আলোচনাত মিলিত হ'ব।  তেওঁ কয়,  'ছৌডি আৰবৰ যুৱৰাজক লগ কৰিবলৈ মই দেশখনলৈ যাম। তাৰ পাছত মোৰ দলটো আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ বাবে ছৌডি আৰবতে থাকিম।

    উৎসঃ দৈনিক জনমভূমি
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlinelive baccaratlive casino