• আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰব্ৰজনকাৰীৰ আশ্ৰয়স্থলত ভয়াৱহ গাড়ী দুৰ্ঘটনাঃ নিহত হ’ল ৭ জন লোক

    আন্তঃৰাষ্ট্ৰীয়
    আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰব্ৰজনকাৰীৰ আশ্ৰয়স্থলত ভয়াৱহ গাড়ী দুৰ্ঘটনাঃ নিহত হ’ল ৭ জন লোক
    ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত সংঘটিত এক গাড়ী দুৰ্ঘটনাত নিহত হৈছে ৭ জন লোক। আহত হৈছে ৬ জন লোক। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। টেক্সাছ প্ৰদেশৰ ব্ৰাউনছভিল চহৰত দেওবাৰে পুৱা প্ৰায় ৮:৩০ বজাত এই ঘটনা সংঘটিত হয়।

    স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, প্ৰব্ৰজনকাৰী শিবিৰ এটাৰ বাহিৰৰ বাছ ষ্টপেজত অনেক লোক ৰৈ আছিল। সেই সময়তে এখন SUV গাড়ীয়ে তেওঁলোকক খুন্দিয়ায়।

    আশে-পাশে থকা লোকসকলে গাড়ীখনৰ চালকজনক আটক কৰে। পিছত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়। অসাৱধানতাৰে গাড়ী চলোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

    মেক্সিকোৰ সীমান্তত ব্ৰাউনছভিল চহৰ। সীমান্ত পাৰ হৈ বহু প্ৰব্ৰজনকাৰীয়ে চহৰখনত আশ্ৰয় লয়। দুৰ্ঘটনাস্থলীত থকা অট্টালিকাটো প্ৰথমে এই লোকসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল। অৱশ্যে কালিৰ ঘটনাত নিহতসকলৰ মাজত কোনো প্ৰব্ৰজনকাৰী আছে নে নাই সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই।