‘যুদ্ধই সদায় দুখ কঢ়িয়ায়...’— এইটোৱে প্ৰকৃত সত্য। কাৰণ যুদ্ধত যিকোনো পৰিস্থিতিতে থাকে অকাল মৃত্যু। দুখন দেশৰ সৈনিকৰ মাজত যুদ্ধ সংঘটিত হ’লে এটা পক্ষ জয়ী হ’ব পাৰে আৰু পৰাস্ত হ’ব পাৰে আনটো পক্ষ। জয়ী হোৱা পক্ষই বিজয় উৎসৱ উদযাপন কৰে। বিজয়ৰ আনন্দত হর্ষোল্লাস কৰে শত্ৰুজয়ী সৈনিকে,কিন্তু সেই উল্লাসৰ সৈতেও থাকে বুকুভগা দুখ। বহু সতীৰ্থক হেৰুওৱাৰ পাছতহে সম্ভৱ হয় বিজয় আৰু প্ৰিয় সতীৰ্থৰ বিচ্ছেদৰ দুখে জীৱনলৈ বুকু দহে। পৰাজিত পক্ষত বিষাদ প্লাৱন অধিক প্রলয়ংকৰী হয়। জীয়াই থকা সৈনিকসকলক জীৱনৰ বাবে মনোকষ্ট দিয়ে এফালে সন্মান হেৰুৱাৰ বেদনাই, আনহাতে সতীৰ্থ মৃত্যুৰ বিষাদে।
উল্লেখ কৰাৰ প্ৰয়োজন নাই যে দুয়ো পক্ষৰে মৃত সৈনিকৰ পৰিয়ালসমূহত বেদনা চিৰদিনৰ লগৰীয়া হৈ পৰে। অকালতে প্রিয় স্বামীক হেৰুওৱা যন্ত্রণাদগ্ধ গাভৰু পত্নীৰ বাবে জীৱন হৈ পৰে কেৱল বিষাদৰ সমষ্টি। পুত্ৰৰ সান্নিধ্যৰ পৰা বঞ্চিত বৃদ্ধ পিতৃ-মাতৃয়ে অসহ্য বেদনাৰ পৰা পৰিত্ৰাণৰ বাবে মনে মনে কামনা কৰিবলৈ ধৰে মৃত্যুৰ। গতিকে, মানুহৰ বাবে সদায় বেদনা কঢ়িওৱা যুদ্ধৰ বিৰোধিতা কৰি আহিছে বিশ্বৰ ভিন্ন জাতি-ধৰ্ম-সম্প্ৰদায়ৰ শান্তিপ্রিয় সচেতন নাগৰিকে, মানৱতাবাদী কবি-সাহিত্যিকে। যুদ্ধৰ দুখ-যন্ত্রণাক হৃদয়স্পর্শীভাৱে দাঙি ধৰি যুদ্ধবিৰোধিতাৰে কবিতা ৰচনা কৰি আহিছে নামী-অনামী কবিয়ে।
কেইবাকোটি মানুহৰ মৃত্যুৰ কাৰণ হোৱা দ্বিতীয় মহাযুদ্ধৰ মানৱতাৰ ধ্বংসযজ্ঞক লৈ কবিতা ৰচনা কৰিছিল বহু কবিয়ে। দ্বিতীয় মহাযুদ্ধৰ সময়ত ৰচনা কৰা এটা কবিতা 'Threnody of the Nations', কবিতাটো ৰচনা কৰিছিল লিঅ’ন আডামছ নামৰ কবিজনে। ১৯১৭ চনত ইংলেণ্ডত জন্মগ্রহণ কৰা লিঅ’ন আডামছে বেলজিয়াম আৰু স্কটলেণ্ডত বসবাস কৰাৰ পাছত কানাডাত স্থায়ীভাৱে থাকিবলৈ লৈছিল। ১৯৪০ চনৰ ১৬ মে’ত কুইবেকৰ লেন’ক্যভিলেত আডামছে উক্ত কবিতাটো লিখিছিল।
'Threnody of Nations'
We have hated and fought,
We have murdered and fled,
But the peace that we sought
is alone with the dead.
We have offered ourselves
On the altar of greed;
We have poisoned our sons
With our venomous creed.
We have bombed and destroyed;
We have raped and diseased,
Till the earth has grown dark
With our war-obsequies.
We have sung our wild song
In the ghouls' jubilee,
And,O Love, once again
We have crucified Thee.
বিভিন্ন দেশৰ নেতৃবৰ্গৰ লোভ-লালসা তথা স্বাৰ্থপূৰণৰ বাবে কেনেদৰে যুদ্ধ সংঘটিত হয়,কিদৰে বোমাবৰ্ষণত হৈ পৰে পৃথিৱীখন ধ্বংসস্তূপ,কিদৰে অলেখ মৃত্যু আৰু বলাৎকাৰেৰে মানৱতাক নির্মমভাবে হত্যা কৰা হয়--তাৰেই সুন্দৰ উপস্থাপন এই কবিতাটোত। কবিতাটোৰ এটা বাক্য-'We have poisoned our sons/with our venomous creed'। সঁচাকৈয়ে দুখন ৰাষ্ট্ৰৰ মাজত বা এখন ৰাষ্ট্ৰতে বিভিন্ন পক্ষৰ মাজত যুদ্ধ সংঘটিত হোৱাৰ পূৰ্বে এনে কাৰ্য অতি কৌশলেৰে সম্পন্ন কৰা হয়। এখন দেশৰ জনতাৰ বিৰুদ্ধে আন এখন দেশৰ নাগৰিকৰ মনত ৰাজনৈতিক নেতৃবৰ্গই বিবিধ কৌশলৰে প্ৰৱল ঘৃণাৰ সৃষ্টি কৰে। আৰু এই ঘৃণাই অলেখ সৈনিকক তথা সাধাৰণ নাগৰিকক টানি নিয়ে যুদ্ধভূমি-মৃত্যুভূমিলৈ।
টম ৱাকাৰ। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সৈনিক আছিল। গ্রেট বৃটেইনৰ ৰয়েল নেভীত তেওঁ সেৱা আগবঢ়াইছিল। টম ৱাকাৰ সৈনিকৰ লগতে এজন কবিও। যুদ্ধক্ষেত্ৰত অপাৰ নিষ্ঠুৰতা তথা অবিৰাম ৰক্তক্ষয় দেখি তেওঁ হৈ পৰিছিল যুদ্ধবিৰোধী। ৰচনা কৰিছিল—
'Bloody War-The Cause'
When greed sups with the devil
And principles are shed
When power is corrupted
And truth stands on its head
When fear pervades
the confused mind
And fools are easy led
When reason is a prisoner
The Bell tolls for the dead.
এখন দেশৰ ৰাষ্ট্ৰনেতাৰ ক্ষমতাৰ অপ-ব্যৱহাৰেই যুদ্ধৰ প্ৰধান কাৰণ। আৰু তেনে নেতৃবৰ্গৰ উচটনিতে যুদ্ধত জঁপিয়াই পৰে সৈনিকসকল। তাৰেই সহজ ব্যাখ্যা কবিতাটোত। প্রকৃত যুক্তিক শাসনত থকা নেতৃবর্গই দমন কৰে আৰু অযুক্তিৰে এটা জাতিক পথভ্রষ্ট কৰি যুদ্ধলৈ আগুৱাই লৈ যায়—কবিতাটোত এয়াই আছে। এনে ৰাষ্ট্ৰনেতাৰ উদাহৰণ ত্ৰিশৰ দশকত আছিল হিটলাৰ। বৰ্তমান হিটলাৰৰে পদাংক অনুসৰণ কৰিছে ভ্লাডিমিৰ পুটিনে।
প্ৰতিটো যুদ্ধবিৰোধী কবিতাৰে অন্তর্নিহিত উদ্দেশ্য প্রতিখন দেশৰ জনতাক যুদ্ধৰ বিৰুদ্ধে জগাই তোলা। আত্মস্বার্থ পূৰণৰ বাবে, সৰ্বাধিক ক্ষমতাপ্রাপ্তিৰ লালসাৰে যুৱ-প্ৰজন্মক যুদ্ধলৈ ঠেলি দিয়া চতুৰ ৰাজনৈতিক নেতাসকলৰ কৌশল উদঙাই দিয়াটো যুদ্ধবিৰোধী কবিতা ৰচনা কৰা মানৱতাবাদীসকলৰ উদ্দেশ্য। শেষত লিঅ’ন আডামছৰ আন এটা ব্যংগাত্মক কবিতা। কবিতাটোৰ সাৰাংশ এয়াই যে যুদ্ধত যেতিয়া সৈনিকসকলে দেশৰ বাবে প্ৰাণ বিসর্জন দিয়ে, তেনে সময়তো সমাজৰ সম্ভ্ৰান্ত,উচ্চ মধ্যবিত্তৰ একাংশই নিৰাপদ দূৰত্বত সম্পূর্ণ নিৰুদ্বেগ হৈ থাকে। তেওঁলোকে চাহপানৰ সময়তহে যুদ্ধৰ কথা আলোচনা কৰে। দেশৰক্ষাত হাতে-কামে লগাটো তেওঁলোকৰ চিন্তা-চৰ্চাৰ বাহিৰত। যুদ্ধবিৰোধী এই কবিতাটোত এনে লোকসকলকে তীব্ৰ ব্যংগ কৰা হৈছে।
Tea at Olivier's
We shall have tea at Olivier's
and eat
patisserie francaise
served by a waitress
in blue dress,
white apron,and
white cap.
We shall sip hot tea
and chat about
the battle of Britain,
the latest German move,
our men,
our lovers,
and our hopes.
We shall drink tea
while bombs tear out the hearts
of twisted men;
we shall eat
patisserie francaise
while they are tasting
Death.
Leave A Comment