• স্বয়ংসৃষ্ট নৈৰাজ্যই বাংলাদেশলৈ আনিছে সংকট! আইন-শৃংখলাৰ পৰিস্থিতি দ্রুতভাৱে বেয়াৰ ফাললৈ গতি

    আন্তঃৰাষ্ট্ৰীয়
    স্বয়ংসৃষ্ট নৈৰাজ্যই বাংলাদেশলৈ আনিছে সংকট! আইন-শৃংখলাৰ পৰিস্থিতি দ্রুতভাৱে বেয়াৰ ফাললৈ গতি
    ডিজিটেল ডেস্ক: বাংলাদেশৰ আইন-শৃংখলাৰ পৰিস্থিতি দ্রুতভাৱে বেয়াৰ ফাললৈ গতি কৰাৰ লগে লগে দেশখন গভীৰ সংকটৰ সম্মুখীন হৈছে বুলি স্বীকাৰ কৰিছে দেশখনৰ সেনাৰ মুৰব্বী জেনেৰেল ৱাকাৰ-উজ-জামানে। দেশখন সামাজিক-ৰাজনৈতিক সংকটৰ দিশে অগ্ৰসৰ হোৱাৰ বাবে বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাক জগৰীয়া কৰি সেনা প্রধানজনে কয় যে দেশখনৰ পৰিস্থিতি ইমানেই ভয়ানক হৈছে যে  নাগৰিকসকলে নিৰৱচ্ছিন্নভাৱে ইজনে সিজনক নিন্দা কৰাৰ মনোভাব পোষণ কৰি আছে। 

    দেশখনৰ সশস্ত্র বাহিনীৰ এটা অনুষ্ঠানত ভাষণ দি জেনেৰেল জামানে কয় যে এই নৈৰাজ্য দেশখনৰ লোকসকলে নিজেই সৃষ্টি কৰিছে। দেশখনত আৰক্ষী বাহিনীত পৰ্যাপ্ত লোক নথকাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি জেনেৰেল জামানে কয় যে  আৰক্ষীৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠ পৰ্যায়ৰ বিষয়ালৈকে এতিয়া ভয়ত বিহ্বল হৈ আছে কাৰণ কোন সময়ত তেওঁলোকে ন্যায়িক গোচৰৰ সন্মুখীন হৈ জে'ললৈ যাব লাগে তাৰ কোনো নিশ্চয়তা' নাই। 

    দেশখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ লগে লগে সশস্ত্র বাহিনীসমূহৰ অধিক দায়িত্ব বাঢ়িছে বুলি জেনেৰেল জামানে মন্তব্য কৰে। ৰাষ্ট্ৰৰ একতা আৰু প্রাতিষ্ঠানিক শৃংখলাৰ বাবে এইটো জৰুৰী প্ৰয়োজন বুলি কৈ বাংলাদেশৰ সেনাৰ মুৰব্বীজনে শংকা ব্যক্ত কৰে যে নিৰৱচ্ছিন্ন আৰু দ্রুতভাৱে বৃদ্ধি হোৱা দেশখনৰ সমাজৰ মাজত যুঁজ-বাগৰে বাংলাদেশৰ সাৰ্বভৌমত্বক সংকটত পেলাব।

    উৎস- দৈনিক জনমভূমি


    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlinesv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.comsmkn4ptk.sch.idsmkn4ptk.sch.idsmkn4ptk.sch.iddesabanyusarigrabag.comgrindhausrestaurant.comsmkn4ptk.sch.idcasino onlineMahjong Slot