ডিজিটেল ডেস্ক: এডভাণ্টেজ আছামক লৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক বিশেষ ঘোষণা। আজি এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এডভাণ্টেজ আছামে দিছে ঔদ্যোগিক পৰিৱেশৰ বিশ্বাস। চাৰিবছৰৰ মূৰত এনে বিনিয়োগ সন্মিলন কৰিম। এডভাণ্টেজ আছাম ৩ৰ পূৰ্বে অসম ঔদ্যোগিক ৰাজ্য হ’ব।
উল্লেখযোগ্য যে বিগত ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰে দুদিনীয়াকৈ আয়োজন কৰা এডভাণ্টেজ আছাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন । ইফালে গুৱাহাটীৰ খানাপাৰাত ২৭, ২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চলৈ সাধাৰণ জনতাৰ বাবে মুকলি কৰা হৈছে এডভাণ্টেজ আছামৰ প্ৰদৰ্শনী । এডভাণ্টেজ আছামৰ দুটা দিনত ৪,৯১,৫০০ কোটি টকাৰ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ প্ৰস্তাৱ লাভ কৰা বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনোৱা বাবে মোদীৰ শলাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘দেশৰ ৮০০০ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰে এই সন্মিলনত। এডভাণ্টেজ আছামৰ পূৰ্বে আমি ২৪০খন বৈঠক কৰিছিলোঁ। ১৮০খন বৈঠক হৈছিল বিদেশত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এডভাণ্টেজ আছাম 2.0ত উদ্যোগপতি গৌতম আদানি, মুকেশ আম্বানিকে ধৰি দেশ-বিদেশৰ ৩০০তকৈয়ো অধিক উদ্যোগী আৰু কেইখনমান দেশৰ ৰাষ্ট্ৰদূতৰ উপৰি আন আন বাণিজ্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment