ডিজিটেল ডেস্ক: য়েমেনত হুথী বিদ্ৰোহীক লক্ষ্য কৰি আমেৰিকাই ভয়ংকৰ আক্ৰমণ চলোৱাৰ পাছত প্রতিশোধ কল্পে ৪৮ ঘণ্টাৰ ভিতৰত ইৰান সমর্থিত হুথী বিদ্রোহীয়ে আমেৰিকাৰ যুদ্ধ বিমান কঢ়িওৱা এটা গোটৰ বিৰুদ্ধে তৃতীয়টো আক্রমণ সংঘটিত কৰে। হুথী বিদ্রোহীয়ে টেলিগ্রামত প্রকাশ কৰে যে তেওঁলোকে ইউ এছ হেৰী এছ গোটক ক্ষেপণাস্ত্ৰ আৰু ড্ৰনেৰে আক্রমণ কৰে।
উত্তৰ লোহিত সাগৰ অঞ্চলত আমেৰিকাৰ জাহাজত এইটো তৃতীয়টো আক্রমণ হুথী বিদ্রোহীৰ। শনিবাৰে য়েমেনৰ ছানা, ছাড়া আৰু অন্য প্রদেশসমূহত হুথী বিদ্রোহীক লক্ষ্য কৰি আমেৰিকাই চলোৱা বিধ্বংসী আক্রমণৰ পাছতেই বিদ্রোহী গোটটোৱে লোহিত সাগৰত মার্কিন জাহাজসমূহক আক্রমণৰ লক্ষ্য কৰি লয়।
হুথী বিদ্রোহীয়ে দাবী কৰা অনুসৰি, আমেৰিকাৰ আক্রমণত শিশু-মহিলাসহ ৫৩ লোকৰ মৃত্যু হৈছিল আৰু ১০০ জনতকৈ অধিক লোক আহত হৈছিল। ইফালে, ৱাশ্বিংটনৰ পৰা পোৱা বাতৰি অনুসৰি, আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণ পথত যদি য়েমেনৰ হুথী বিদ্রোহীবোৰে আমেৰিকাৰ জাহাজক আক্রমণ কৰাটো বন্ধ নকৰে তেনেহ'লে ইৰানৰ পৰিণাম বিষম হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে ইৰানক সতর্ক কৰি দিয়ে। ট্রাম্পে কয় যে হুথী বিদ্রোহীয়ে চলোৱা প্রতিটো গুলীৰ বাবে ইৰান জগৰীয়া। উল্লেখযোগ্য যে তেহৰানে হুথী বিদ্রোহীবোৰক সমর্থন জনাই অহাৰ বাবে ট্রাম্প ইৰানৰ ওপৰত খর্গহস্ত হৈ পৰিছে।
উৎস- দৈনিক জনমভূমি
Leave A Comment