ডিজিটেল ডেস্কঃ ঔৰংজেৱৰ কবৰ আঁতৰোৱাক লৈ হোৱা আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ পাছত মহাৰাষ্ট্ৰৰ নাগপুৰৰ কিছুমান অঞ্চলত সান্ধ্য আইন বলৱৎ কৰা হয়। জিলাখনৰ আৰক্ষীয়ে এই কথা প্রকাশ কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সোমবাৰে নিশাৰ ভাগত নাগপুৰত হিংসাত্মক ঘটনা ঘটে। ইয়াৰ ফলত ১১খন থানাৰ অন্তৰ্গত অঞ্চলবোৰত সান্ধ্য আইন বলৱৎ কৰা হয়। ইয়াৰ লগতে হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত ৬৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰি ৩জন আৰক্ষী উপায়ুক্তসহ আৰক্ষীৰ ৩০জন লোক আহত হয়।
উল্লেখযোগ্য যে ঔৰংজেৱৰ কবৰ আঁতৰোৱাৰ দাবীত একাংশ সংগঠনে আন্দোলন কৰি থকাৰ সময়তে এখন পৱিত্ৰ গ্রন্থক অপমান কৰা বুলি উৰাবাতৰি প্ৰচাৰ হয়। ইয়াৰ পাছতে হিংসাত্মক ঘটনাৰ সৃষ্টি হয়। দুটা সম্প্ৰদায়ৰ মাজত সংঘর্ষ হোৱাৰ লগতে বৃহৎ হাৰত অগ্নিসংযোগ আৰু ৰাজহুৱা তথা ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধন কৰা হয়। হিংসাত্মক ঘটনাৰ সময়ত ভালেসংখ্যক যান-বাহনত অগ্নি সংযোগ কৰা হয় বুলি আৰক্ষীয়ে প্রকাশ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছে হিংসাত্মক ঘটনা পূর্ব পৰিকল্পিত আছিল বুলি দাবী কৰে। তেওঁৰ মতে 'ছাৱা' নামৰ চিনেমাখনে জনসাধাৰণৰ আৱেগত আঘাত কৰে। এই চিনেমাখনত সম্ভাজী মহাৰাজক ঔৰংজেৱে কৰা নিষ্ঠুৰ অত্যাচাৰ প্ৰদৰ্শন কৰা হৈছে। নাগপুৰৰ আৰক্ষী আয়ুক্তই প্ৰকাশ কৰা অনুসৰি হিংসাত্মক ঘটনাৰ সম্পৰ্কত ৫খন এজাহাৰ দাখিল কৰা হৈছে।
বিষয়াসকলে প্রকাশ কৰা অনুসৰি কালি নিশা চাৰে সাত বজাত মধ্য নাগপুৰত হিংসাত্মক ঘটনাৰ আৰম্ভণি হয়। ঔৰংজেৱৰ কবৰ আঁতৰোৱাৰ দাবীত আন্দোলন কৰি থকাৰ সময়তে এটা দক্ষিণপন্থী সংগঠনে এটা সম্প্রদায়ৰ ধৰ্মীয় গ্রন্থ জ্বলোৱা বুলি উৰা বাতৰি প্ৰচাৰ হয়। এই উৰা বাতৰিয়ে হিংসাত্মক ঘটনাৰ বাবে প্ৰৰোচিত কৰে। আৰক্ষীৰ এজন বিষয়াই প্রকাশ কৰা অনুসৰি সোমবাৰে নিশা ১০-১১ বজাৰ ভিতৰত পুৰণি ভাণ্ডাৰা পথৰ কাষৰ হংসপুৰীত দুটা দলৰ মাজত আন এক সংঘৰ্ষৰ সৃষ্টি হয়। নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা উন্মত্ত জনতাই ভালেমান বাহনত অগ্নিসংযোগ কৰাৰ লগতে অঞ্চলটোৰ ঘৰ আৰু ক্লিনিকত আক্ৰমণ কৰি ভাঙি চুৰমাৰ কৰে। ইফালে আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াৰ মতে, এটা বিশেষ অঞ্চলত এটা ডাঙৰ গোটে হঠাতে হিংসা বিয়পায়। তেওঁৰ মতে, 'বৃহৎ সংখ্যক লোক পথলৈ ওলাই আহে। ইয়াৰ পাছত এই লোকসকলে প্রথমে শিলগুটি দলিওৱা আৰম্ভ কৰে আৰু যান-বাহনৰ ক্ষতিসাধন কৰে।
বিষয়াজনে কয়, 'আমাৰ হাতত চি চি টিভি ফুটেজ আছে। ইয়াত কিছুমান অসামাজিক শক্তিক অস্ত্র-শস্ত্ৰ লৈ ঘূৰা দেখা পোৱা গৈছে।' তেওঁ জনোৱা মতে শিলগুটি দলিওৱাৰ ফলত আৰক্ষীৰ কেইবাজনো লোক আহত হয়। তেওঁৰ মতে আন এটা পথৰ পৰা শতাধিক লোক ওলাই আহে। তেওঁলোকৰ হাততো অস্ত্র, পেট্রল আৰু লাঠী আছিল। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই ঘটনাত জড়িতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ'ব।
উৎস- দৈনিক জনমভূমি
Leave A Comment