• একেদিনাই একেখন হাস্পতালত দেখাত একে সন্তান জন্ম দিলে যমজ ভগ্নীয়ে! সকলো আচৰিত

    আন্তঃৰাষ্ট্ৰীয়
    একেদিনাই একেখন হাস্পতালত দেখাত একে সন্তান জন্ম দিলে যমজ ভগ্নীয়ে! সকলো আচৰিত
    ডিজিটেল ডেস্কঃ পৃথিৱীত কেতিয়াবা কিছুমান আচৰিত ঘটনা সংঘটিত হয়। কেতিয়াবা কিছুমান ঘটনা একেলগে এনেদৰে ঘটে যে বিশ্বাস কৰাটো কঠিন হৈ পৰে। এই পৃথিৱীত কাকতলীয়াকৈ যিকোনো কথাই সম্ভৱ হ’ব পাৰে। আমেৰিকাৰ(America) অৰেঞ্জ কাউন্টিত এনে এটা ঘটনা সংঘটিত হৈছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে। একেদিনাই একেখন হাস্পতালত দেখাত একে সন্তান জন্ম দিলে যমজ ভগ্নীয়ে! এই কথাত সকলো আচৰিত হৈ পৰিছে। আমেৰিকা নিৱাসী এই যমজ ভগ্নীৰ নাম হৈছে জিল জাষ্টিনিয়ানি আৰু এৰিন চেপ্লাক। 

    দুয়ো একেদিনাই একেখন চালিৰ তলত অৰ্থাৎ একেখন চিকিৎসালয়তে দেখাত একে সন্তান জন্ম দিছে। জিল আৰু এৰনৰ জীৱনত ঘটা এই ঘটনাত চিকিৎসকসকলো আচৰিত হৈ পৰিছে। দুই ভগ্নীৰ গৰ্ভৰ পৰা হুবহু একে জোখ-মাখৰ দুটা পুত্ৰ সন্তানৰ জন্ম হৈছিল। দুয়োটা নৱজাতক শিশুৰ ওজন আছিল ৭ পাউণ্ড, ৩ আউন্স আৰু জন্মৰ সময়ত তেওঁলোকৰ উচ্চতাও একে আছিল অৰ্থাৎ ২০ ইঞ্চি। 

    জিল আৰু এৰিনে কয় যে, ''আমি সদায় ইজনে সিজনৰ ওচৰত আছিলো। আমি এতিয়ালৈকে একে জীৱন কটাই আহিছো। সেইবাবেই জীৱনৰ এই গুৰুত্বপূৰ্ণ অংশটোও অৰ্থাৎ মাতৃত্বৰ বাবে সুখী হ’ব বিচৰাৰ ধাৰণাটোও আমাৰ মাজলৈ একেলগে আহিল। তেতিয়া আমি একেলগে অৰ্থাৎ একে সময়তে মাতৃ হোৱাৰ সিদ্ধান্ত লৈছিলোঁ। গৰ্ভাৱস্থাৰ প্ৰতিটো পৰ্যায়তে আমি দুয়োজনে ইজনে সিজনক সহায় কৰিছিলোঁ। আমাৰ আৱেগিক বন্ধনৰ বাবে আমি গোটেই ৯ মাহ ইজনে সিজনৰ লগত গৰ্ভাৱস্থাৰ দৈনন্দিন শাৰীৰিক পৰিৱৰ্তন আৰু অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিছিলোঁ।'' 

    উল্লেখ্য যে মাতৃত্ব অৰ্জন কৰাৰ পাছত সকলো মহিলাৰ শাৰীৰিক অৱস্থা একে নাথাকে। সেয়েহে শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় কিন্তু আচৰিত কথাটো হ'ল যমজ ভগ্নী জিল আৰু এৰনক একে সময়তে হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছিল। সন্তান জন্ম দিয়াৰ পাছতো আনকি দুয়োৰে সকলোখিনি একে আছিল..যি কথাই সকলোকে ভাবিবলৈ বাধ্য কৰাইছে সঁচাই এই পৃথিৱীত কেতিয়াবা অবিশ্বাস্য ঘটনা কিছুমান সংঘটিত হয়, যাৰ ৰহস্য কোনেও উদঘাটন কৰিব নোৱাৰে।

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlinelive baccaratlive casinopg soft pragmatic play banjir cuancaptain bounty di pelabuhan ratulucky neko 2025 membarasambaran petir x1000 pragmatic playpersaingan naga pragmatic play x pg softguru salsa menang scatter hitampg soft bagi-bagi cuancuti lebaran 2025 mahyong wins pragmatic playpg soft game penghasil cuan 2025pragmatic play dan pg soft server thailandpragmatic play scatter pecah selayarmenang sensasional pragmatic play x1000scatter pecah x1000 pragmatic playpg soft dan pragmatic play trending 2025pg soft pragmatic play server thailand