• প্ৰতিবাদৰ মাজতে ইমৰাণ খানৰ সমৰ্থকে চুৰ কৰিলে ময়ূৰ চৰাই

    আন্তঃৰাষ্ট্ৰীয়
    প্ৰতিবাদৰ মাজতে ইমৰাণ খানৰ সমৰ্থকে চুৰ কৰিলে ময়ূৰ চৰাই
    ডিজিটেল ডেস্কঃ মঙলবাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমৰ্থকে লাহোৰৰ কৰ্পছ কমাণ্ডাৰ হাউচত লুটপাত চলাই৷ প্ৰতিবাদকাৰীয়ে ঘৰৰ ভিতৰত ৰখা ময়ুৰকে ধৰি বহু বস্তু লৈ যায়।

    ভইচ অৱ আমেৰিকা (ভিঅ’এ) উৰ্দুয়ে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন লোকে কোলাত ময়ূৰ ধৰি থকা দেখা গৈছে আৰু কোৱা হৈছে যে তেওঁ ময়ুৰটো লৈছিল কাৰণ সেইটো “নাগৰিকৰ ধনেৰে (আৱাম কা পইছা)” কিনা হৈছে।

    প্ৰতিবাদকাৰীসকলে অট্টালিকাটোত শিলগুটি নিক্ষেপ কৰি ঘৰৰ ভিতৰৰ পৰা বস্তু উলিয়াই জ্বলাই দিয়ে।আল কাদিৰ ট্ৰাষ্ট গোচৰৰ সৈতে জড়িত ইমৰাণ খানক গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ১ মে’ত ৰাৱালপিণ্ডিত ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰো (এন এ বি)ৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰাৰ পিছতে খানক গ্ৰেপ্তাৰ কৰা হয়।

    ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পিছতে তেওঁৰ সমৰ্থকসকলে বিপুল সংখ্যক ৰাজপথত নামি পৰে, যাৰ ফলত সমগ্ৰ দেশতে ১৪৪ ধাৰা জাৰি কৰা হয়। লাহোৰ কেণ্টৰ কৰ্পছ কমাণ্ডাৰ হাউছৰ ঘৰ আৰু ৰাৱালপিণ্ডিৰ সেনাৰ মুখ্য কাৰ্যালয়তো প্ৰৱেশ কৰে।