ডিজিটেল ডেস্ক : ভাৰতে শেহতীয়াকৈ অপাৰেশ্যন সেন্দূৰ চলোৱাৰ পাছত ভাৰত আৰু পাকিস্তানৰ প্ৰতিৰক্ষা সামগ্রী কৌশল সন্দর্ভত ন-ন তথ্য পোহৰলৈ আহিছে।
ভাৰতৰ প্ৰতিৰক্ষা আমদানি ৰাছিয়াৰ অংশীদাৰিত্ব ১৯৯০ চনত ৯৬.৫% ৰ পৰা ২০২০ৰ দশকটোত ৭৫%লৈ হ্রাস পাইছে। ভাৰতে বর্তমান ফ্ৰান্সৰ পৰা ৯%, ইউ কেৰ পৰা ৫.৫%, ইজৰাইলৰ পৰা প্রায় ৫% আৰু আমেৰিকাৰ পৰা ৩% প্ৰতিৰক্ষা সামগ্রী আমদানি কৰে। ২০২০ চনৰ দশকটোত ভাৰতৰ আকাশী অস্ত্র-শস্ত্ৰৰ প্ৰায় ৫০%ই ফ্রান্স, ইউ কে আৰু ইজৰাইলৰ পৰা আহে।
ভাৰতে ফ্ৰান্সৰ পৰা ৰাফেল যুঁজাৰু বিমান আৰু আমেৰিকাৰ পৰা এপাচে হেলিকপ্টাৰ প্ৰেডেটৰ ড্ৰ'ন ক্ৰয় কৰি আহিছে। বিশ্বব্যাপী নিষেধাজ্ঞা আৰু যোগান শৃংখলা ব্যাহত হোৱা বাবে ৰাছিয়াৰ এছ-৪০০ ক্ষেপণাস্ত্ৰ ব্যৱস্থা ভাৰত আহি পাওঁতে যথেষ্ট পলম হোৱা দেখা গৈছে। সেয়েহে, ভাৰত সম্প্রতি কেৱল ৰাছিয়া নিৰ্ভৰশীল হৈ থকা নাই। ইফালে, পাকিস্তানলৈ অস্ত্র-শস্ত্র যোগানত চীনে একচেটিয়া অধিকাৰ কৰিছে।
পূৰ্বতে পাকিস্তান আমেৰিকা নিৰ্ভৰ আছিল। চীনে পাকিস্তানলৈ জে এফ-১৭ যুঁজাৰু বিমান, এইচ কিউ-৯ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ৰপ্তানি কৰি আহিছে। সম্প্রতি বিশ্বৰ অস্ত্র-শস্ত্ৰ ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকা শীৰ্ষত আছে। ২০২০-ৰ দশকটোত বিশ্বৰ সমূহ ৰপ্তানিৰ ৬৫%ই আমেৰিকাৰ। ৰাছিয়া-ইউক্রেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত ৰাছিয়াৰ অংশীদাৰিত্ব বিশ্বৰ ভিতৰত ৫%লৈ হ্রাস পাইছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment