ডিজিটেল ডেস্কঃ গাজা ষ্ট্ৰীপত ভয়ংকৰ মিছাইল আক্ৰমণ ইজৰাইলৰ। গাজাৰ বিৰুদ্ধে আকৌ এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ।
গাজাত পুনৰ মৃত্যুৰ কিৰিলি। ৫৭ দিনীয়া যুদ্ধ বিৰতিৰ অন্ত পেলাই আকৌ গাজাত নৰসংহাৰ চলাইছে ইজৰাইলে।
হামাছৰ সন্ত্ৰাসবাদী বিচাৰি গাজাত এয়াৰ ষ্ট্ৰাইক ইজৰাইলৰ। মধ্য গাজা, চিৰিয়া আৰু লেবালনৰ আশ্ৰয় শিবিৰত মিছাইল নিক্ষেপ ইজৰাইলৰ।
ইজৰাইলৰ আক্ৰমণত নিহত হৈছে প্ৰায় ৩০০ জনৰ। ইয়াৰ মাজত শিশুও আছে।
ইজৰাইলৰ দাবী সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ কৰা হৈছে আক্ৰমণ। হামাছে ইজৰাইলৰ পণবন্দীক মুকলি কৰি নিদিয়াৰ বাবেই হামাছৰ বিৰুদ্ধে আকৌ ষ্ট্ৰাইক চলাইছে ইজৰাইলে।
ইজৰাইলী সেনাই গাজাৰ বুৰেজৰ শৰণাৰ্থী শিবিৰৰ ওচৰত বিস্ফোৰক স্থাপন কৰা উগ্ৰপন্থীসকলক হত্যা কৰা বুলি দাবী কৰিছে।
ইজৰাইলৰ দাবী দক্ষিণ লেবাননত দুজন হিজবুল্লাহ সদস্যক হত্যা কৰিছে ইজৰাইলী সেনাই।
Leave A Comment