• নিৰ্বাচনৰ আগতেই হ’ব ADRE 3.0 ; অহা বছৰ হ’ব হোলী গীতৰ অভিলেখ- মুখ্যমন্ত্ৰীৰ ঘোষণা

    আঞ্চলিক
    নিৰ্বাচনৰ আগতেই হ’ব ADRE 3.0 ; অহা বছৰ হ’ব হোলী গীতৰ অভিলেখ- মুখ্যমন্ত্ৰীৰ ঘোষণা
    ডিজিটেল ডেস্কঃ সোমবাৰে বিয়লি ফেচবুকযোগে ADREৰ চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণাৰ পৰা আৰম্ভ কৰি অহা বছৰ হোলী গীতৰ অভিলেখৰ বৃহৎ অনুষ্ঠানৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

    ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আকৌ ADRE পাতিব অসম চৰকাৰ । এই বছৰৰ শেষলৈ অনুষ্ঠিত হ’ব ADRE 3.0 । ফেচবুক লাইভত সোমবাৰে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা, ‘জুন মাহত ADREৰ চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিম । লগে লগে তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণৰ স্কিল টেষ্ট হ’ব ৷ সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আৰম্ভ কৰিম ৷ আমাৰ লক্ষ্য হৈছে যাতে আমি ১০ অক্টোবৰৰ ভিতৰত ADRE নিযুক্তি দিব পাৰো, নৱেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত যাতে আমি ADRE ৰ নিযুক্তি দিব পাৰো ।’

    আনহাতে, ফেচবুক লাইভযোগে প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰক লৈয়ো পুনৰবাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, ‘অহা ১৯ মাৰ্চত আমাৰ চৰকাৰে ৩ লাখ ৮০ হাজাৰ লোকক ঘৰ আগবঢ়াম । যদিহে কোনো পাব নলগীয়া লোকে এই ঘৰ লাভ কৰে, পকী ঘৰ থকা কোনো লোকে ঘৰ পালে আপুনি দিব পাৰিব অভিযোগ । মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ ৷’

    ফেচবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘অহাবাৰ দৌলোৎসৱত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আমি চেষ্টা কৰিম যাতে একেলগে ৫ হাজাৰ যুৱক-যুৱতীয়ে একেলগে হোলী গীত গাব পাৰে আৰু ই যাতে হোলী গীতৰ পৰিৱেশনৰ এক অভিলেখ হ’ব পাৰে । ৫ হাজাৰ যুৱক-যুৱতীয়ে একেলগে পৰিৱেশন কৰিব হোলী গীত ৷ এইবাৰ বৰপেটা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বৰদোৱা গৈ মই সকলোৰে লগত একেলগে হোলীত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’লো । বৰপেটাত এইবাৰ এজন যুৱকে মোক প্ৰস্তাৱ দিছিল যে আমি একেলগে ৫০০০ লোকে হোলীগীত গোৱাৰ ব্যৱস্থা কৰিব পৰা যায় নেকি ? আইডিয়াটো মোৰ ভাল লাগিল ৷ অহাবাৰ আমি চেষ্টা কৰিম যাতে একেলগে ৫০০০ লোকে হোলীগীত গাই এক অভিলেখ সৃষ্টি কৰিব পাৰি ৷’
    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacorstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2sabung ayam onlinesabung ayam onlinesitus slot terpercaya