• মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ পটভূমি; ৰাষ্ট্ৰসংঘক ইৰানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান আমেৰিকাৰ

    আন্তঃৰাষ্ট্ৰীয়
    মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ পটভূমি; ৰাষ্ট্ৰসংঘক ইৰানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান আমেৰিকাৰ
    ডিজিটেল ডেস্ক: ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ কৰিছে ইৰানে৷ মধ্যপ্ৰাচ্যত বাজিছে যুদ্ধৰ দামামা৷ ৰাষ্ট্রসংঘই যুদ্ধ সমাপ্তিৰ চেষ্টাত ব্ৰতী হৈছে৷ এই আক্ৰমণক আন্তঃৰাষ্ট্রীয় আইন ভংগ বুলি অভিহিত কৰিছে ৰাষ্ট্রসংঘই৷
    ইৰানৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাষ্ট্রসংঘক আহ্বান জনাইছে আমেৰিকাই৷ G-7ৰ অন্তৰ্গত দেশসমূহেও ইৰানক দিছে তীব্ৰ গৰিহণা৷ শনিবাৰে মাজনিশা ক্ষেপণাস্ত্ৰৰে ইজৰাইলত আক্ৰমণ ইৰানৰ৷ ড্ৰ’নেৰেও আক্ৰমণ চলাইছে ইৰানে৷ ইজৰাইলৰ দিশে ইৰানৰ পৰা উৰিছিল ২০০ ড্ৰ’ন৷ জেৰুজালেমত শুনা গৈছে যুদ্ধৰ ছাইৰেনৰ শব্দ৷ ব্ৰিটেইন, ফ্ৰান্সসহ একাধিক দেশ ইজৰাইলৰ সমৰ্থনত৷ জ’ বাইডেনেও সমৰ্থন জনাইছে ইজৰাইলক৷ ইৰান আৰু ইপিনে, ইজৰাইলত থকা ভাৰতীয়ক সতৰ্ক কৰিছে ভাৰতে৷ ভাৰতীয় দূতাবাসেৰে যোগাযোগলৈ ভাৰতীয়ক কৰিছে আহ্বান৷ ইজৰাইল–ভাৰতৰ বিমান সেৱা বন্ধ কৰি দিয়া হৈছে৷