ডিজিটেল ডেস্কঃ মার্ক কার্নীক কানাডাৰ নতুন প্রধানমন্ত্রীৰূপে নির্বাচিত কৰা হৈছে। তেওঁ বিতর্কিত প্রধানমন্ত্রী জাষ্টিন ট্রুডোৰ স্থান ল'ব।
দেশখনৰ সংসদৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা লিবাৰেল পার্টিয়ে দেওবাৰে নিশা, তেওঁক নতুন নেতাৰূপে বাছনি কৰে।
বেংকাৰ তথা অর্থনীতিবিদ কার্নীয়ে ৮৫.৯% ভোেট লাভ কৰে। বিধায়িনী তথা কেবিনেটৰ অভিজ্ঞতা নথকা তেওঁ কানাডাৰ প্ৰথমজন প্রধানমন্ত্রী হ'ব। অৱশ্যে কার্নী কিমান দিন প্রধানমন্ত্রী হৈ থাকে সেই টো অনিশ্চিত হৈ আছে।
শাসনত থকা লিবাৰেল পাৰ্টিৰ সংসদত নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাই। প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পাছত বেংক অব কানাডাৰ প্ৰাক্তন গৰ্ভনৰ কাৰ্নীয়ে অক্টোবৰৰ ভিতৰত দেশৰ নিৰ্বাচন অনুষ্ঠিত কৰাবলাগিব। বর্তমান তেওঁ সংসদৰ সদস্য নহয় আৰু সেয়েহে অচিৰেই নির্বাচন অনুষ্ঠিত কৰাব পাৰে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment