ডিজিটেল ডেস্কঃ তীব্ৰ গতি স্বৰ্গগতি। কাৰ্যতঃ সঁচা প্ৰমাণিত হ’ল এই আপ্তবাক্যশাৰী । এটা ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে ভাঙি থানবান কৰিলে কেইবাখনো ঘৰৰ সপোন। জীৱন-উদযাপনৰ নামত জীৱনকেই কাঢ়ি ল’লে নেকি কালিকা লগা সময়ে?
যোৰহাটৰ আজান গাঁৱৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ বাবে যেন যোৰহাটৰ ৰাজপথত ৰৈ আছিল মৃত্যুৰ হাতবাউলি। পথ দুৰ্ঘটনাটোৱে কাঢ়ি নিলে দুগৰাকী ছাত্ৰৰ জীৱন। মৃত ছাত্ৰ কেইগৰাকী মমছতাফা মুজাহিদ আৰু ইৰফান হুছেইন ৷
দুৰ্ঘটনাত আহত আনকেইগৰাকীক অতি সংকটজনক অৱস্থাত JMCHত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত পতিত হোৱা বাহনখনত আছিল কাজিৰঙা বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ আৰু দুগৰাকী ছাত্ৰী। ১৫০ কিলোমিটাৰ স্পীডত যোৱা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰ ভাঙি পথৰ পৰা বহু দূৰৈত ছিটিকি পৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত আহত আন তিনিজন শিক্ষাৰ্থীৰ অৱস্থাও অতিকৈ সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসকে।
Leave A Comment