• হামাছৰ শীৰ্ষ নেতা মহম্মদ ছিনৱাৰ নিহত হোৱাৰ সন্দেহ

    আন্তঃৰাষ্ট্ৰীয়
    হামাছৰ শীৰ্ষ নেতা মহম্মদ ছিনৱাৰ নিহত হোৱাৰ সন্দেহ
    ডিজিটেল ডেস্ক: গাজাত চলি থকা ইজৰাইলৰ আক্ৰমণত বুধবাৰে ৭গৰাকী মহিলাসহ কমেও ৮২জন লোকৰ মৃত্যু হয় আৰু বৃহস্পতিবাৰে ৫২জন লোকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা সদৰী কৰে। ইপিনে ৰাষ্ট্ৰসংঘই মানৱীয় সাহায্য কর্তনত সমালোচনা কৰিছে আৰু এই সাহায্য পর্যাপ্ত নহয় বুলি মন্তব্য কৰিছে। 

    পেলেষ্টাইনী শৰণাৰ্থীৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থাই সীমান্তৰে আহ-যাহৰ পথ ততালিকে মুকলি কৰিবলৈ আৰু সাহায্য সামগ্ৰীৰ বাধাহীন যোগান সু-নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে লগতে মানৱীয় সংস্থাসমূহক মুক্তভাৱে

    কাম কৰাত আৰু গাজাৰ জনসাধাৰণৰ বাবে চলোৱা গুৰুত্বপূৰ্ণ সাহায্য প্রচেষ্টাত বাধাৰ সৃষ্টি নকৰিবলৈ ইজৰাইলৰ প্ৰতি আহ্বান জনাইছে। আনহাতে, জেৰুজালেমৰ পৰা পোৱা বাতৰি অনুসৰি, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে কয় যে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত হামাছৰ শীৰ্ষ নেতা মহম্মদ ছিনৱাৰ নিহত হৈছে। 

    দক্ষিণ গাজাৰ এখন হস্পিটেলত ইজৰাইলী বিমান আক্ৰমণত সম্ভৱতঃ হামাছৰ শীর্ষ নেতাজন নিহত হৈছে বুলি ইজৰাইলী প্রধানমন্ত্রীজনে কয়। অৱশ্যে, আনুষ্ঠানিকভাৱে হামাছৰ শীৰ্ষ নেতাজনৰ মৃত্যু নিশ্চিত কৰা নাই।
    উৎসঃ দৈনিক জনমভূমি