ডিজিটেল ডেস্ক: এক ভয়ংকৰ বিস্ফোৰণে কঁপাই গ'ল পাকিস্তানক।পাকিস্তানৰ পাখতুনখোৱা প্ৰদেশৰ আক্কোৰা খাট্টাক জিলাৰ এটা মছজিদৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো।
এই বিস্ফোৰণৰ ঘটনাৰ ফলত প্ৰায় ৫জন লোক নিহত হোৱাৰ খবৰ আহিছে। লগতে গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক। ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে ৰমজান মাহৰ পূৰ্বে সংঘটিত হয় এই বিস্ফোৰণ। আনহাতে এই বিস্ফোৰণ কেনেদৰে কোনে সংঘটিত কৰিলে বৰ্তমানলৈকে সেয়া স্পষ্ট হোৱা নাই। আজি নামাজৰ সময়তেই সংঘটিত হয় বিস্ফোৰণৰ ঘটনাটো। যাৰ বাবে নওচেৰাত প্ৰশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। আনহাতে ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
উৎস- দৈনিক জনমভূমি
Leave A Comment