• এটা দুটা নহয়, একেলগে ছটাকৈ সন্তান জন্ম দিলে পাকিস্তানী মহিলাই

    আন্তঃৰাষ্ট্ৰীয়
    এটা দুটা নহয়, একেলগে ছটাকৈ সন্তান জন্ম দিলে পাকিস্তানী মহিলাই
    ডিজিটেল ডেস্কঃ এগৰাকী পাকিস্তানী মহিলাই কেৱল এটা বা দুটা নহয়, একেলগে  ছটা সন্তান জন্ম দিলে। জানিব পৰা মতে,  ১৯ এপ্ৰিলত জিনাত ৱাহিদে চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে। এঘণ্টাৰ ভিতৰতে ছটা সন্তান জন্ম দিলে। পুত্ৰ কন্যা সন্তান জন্ম দি হৃদয় আনন্দিত হৈ পৰিছে ৱাহিদৰ পৰিয়াল।

    প্ৰসৱৰ বিষৰ বাবে বৃহস্পতিবাৰে নিশা ৱাহিদাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ডাক্তৰ জাফৰে কয় যে মাতৃ আৰু তেওঁৰ সন্তান সকলো সুস্থ। হাস্পতালৰ ছুপাৰ ডাক্তৰ ফাৰ্জানাই কয় যে নৱজাতকক ইনকিউবেটৰত ৰখা হৈছে। একেলগে ইমানবোৰ সন্তান জন্ম দিয়াটো অতি বিৰল। চিকিৎসকৰ মতে, ৪৫ লাখৰ ভিতৰত এজনৰ এই ৰোগ।

    চিকিৎসালয়ৰ সূত্ৰ অনুসৰি নৱজাতকক ইনকিউবেটৰত ৰখা হয় যদিও সকলো সুস্থ। অস্ত্ৰোপচাৰৰ সময়ত কেইবাটাও সমস্যাৰ সৃষ্টি হোৱা বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। কিন্তু ইয়াক চম্ভালি দিয়া হয়। ৱাহিদা আৰু তেওঁৰ সন্তানৰ অৱস্থা নিৰীক্ষণৰ বাবে এটা চিকিৎসা দলো গঠন কৰা হৈছে বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে।

    চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৱাহিদাৰো কিছু শাৰীৰিক সমস্যা আছে। চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ অধীক্ষকে শীঘ্ৰে সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁৰ মতে, ই এক ডাঙৰ সফলতা।