• কানাডাত পাকিস্তানী এয়াৰ হোষ্টেছক গ্ৰেপ্তাৰ, কেইবাখনো পাছপোৰ্ট জব্দ

    আন্তঃৰাষ্ট্ৰীয়
    কানাডাত পাকিস্তানী এয়াৰ হোষ্টেছক গ্ৰেপ্তাৰ, কেইবাখনো পাছপোৰ্ট জব্দ
    ডিজিটেল ডেস্কঃ পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছে (পিআইএ) সংস্থাটোৰ  এগৰাকী কেবিন ক্ৰু সদস্যক নিলম্বন কৰিছে। উক্ত এয়াৰ হোষ্টেছগৰাকীক  কানাডিয়ান কৰ্তৃপক্ষই আন দুজনৰ সৈতে গ্ৰেপ্তাৰ  কৰিছিল। বিখ্যাত পাকিস্তানী গায়ক এজনৰ পৰিয়ালৰ সদস্য বুলি পৰিচয় দিয়া  অভিযুক্ত এয়াৰ হোষ্টেছগৰাকীয়ে বহু কেইখন পাছপোৰ্ট কঢ়িয়াই লৈ ফুৰাৰ  অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। 

    পিকে-৭৮৯ত টৰণ্টোত উপস্থিত হোৱাৰ পিছতে  এয়াৰ হোষ্টেছ হিনা ছানীক কানাডিয়ান ইমিগ্ৰেচন বিষয়াসকলে তেওঁৰ সৈতে   বিভিন্ন ব্যক্তিৰ কেইবাখনো পাছপোৰ্ট পোৱাৰ পিছত গ্ৰেপ্তাৰ কৰে। অভিযোগ কৰা হৈছে যে এয়াৰ হোষ্টেছগৰাকীয়ে  তেওঁৰ আইডি ব্যৱহাৰ কৰি নানান সুবিধা লৈছিল। একেখন বিমানত থকা আন দুজন এয়াৰ হোষ্টেচকো সোধা-পোছা কৰা হৈছিল যদিও  অনুসন্ধানৰ পিছত তেওঁলোকক  মুকলি কৰি দিয়া হয়। উল্লেখ্য  আন ব্যক্তিৰ পাছপোৰ্টৰ সৈতে ভ্ৰমণ কৰাটো এক অপৰাধ।


    পিআইএৰ মুখপাত্ৰ আব্দুল্লাহ হাফিজ খানে কৈছে যে এয়াৰলাইন মেনেজমেণ্টে কানাডিয়ান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে আৰু বিষয়টোত তেওঁলোকৰ সৈতে সহযোগিতা কৰিছে। তেওঁ কৈছিল যে কানাডিয়ান কৰ্তৃপক্ষৰ তদন্ত প্ৰতিবেদনৰ পিছত এয়াৰ হোষ্টেছগৰাকীক  নিলম্বিত কৰা হৈছে। হিনা ছানীয়ে কি উদ্দেশ্য লৈ আন বহু লোকৰ পাছপোৰ্ট লগত ৰাখিছিল সেয়া  সংশ্লিষ্ট কৰ্তৃপক্ষই অনুসন্ধান কৰি আছে।