• বিশ্বৰ ধনকুবেৰৰ মাজত অঘোষিত প্ৰতিযোগিতা; ইলন মাস্কক অতিক্ৰমী তৃতীয় স্থানত জুকাৰবাৰ্গ

    আন্তঃৰাষ্ট্ৰীয়
    বিশ্বৰ ধনকুবেৰৰ মাজত অঘোষিত প্ৰতিযোগিতা; ইলন মাস্কক অতিক্ৰমী তৃতীয় স্থানত জুকাৰবাৰ্গ
    ডিজিটেল ডেস্ক: পৃথিৱী নামৰ এই ঘূৰ্ণীয়মান গোলকটোতেই চলি থাকে এখন প্ৰতিযোগিতা৷ ধনাঢ্য হোৱাৰ প্ৰতিযোগিতা৷ আৰু এই প্ৰতিযোগিতাত এব্যাহত আছে বিশ্বৰ ধনকুবেৰৰ শীৰ্ষস্থান দখলৰ যুঁজ। প্ৰথম, দ্বিতীয় নহ’লেও এইবাৰ আকৰ্ষণীয় হৈ পৰিল ধনকুবেৰৰ শীৰ্ষৰ তৃতীয় স্থানক লৈ হোৱা যুঁজখন। 

    কিয়নো, বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্কক চেৰ পেলাই শেহতীয়াকৈ বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তিৰ সন্মান আঁজুৰিলে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ গৰাকী মাৰ্ক জুকাৰবাৰ্গে। ‘ব্লুমবাৰ্গ’এ শেহতীয়াকৈ প্ৰকাশ কৰা তালিকাত ইলন মাস্কতকৈ অধিক ধনৰ গৰাকী বুলি পৰিগণিত হৈছে ফেচবুকৰ মূল প্ৰতিষ্ঠান ‘মেটা’ৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ। এই মুহূৰ্তত ইলেট্ৰিক বাহন নিৰ্মাতা টেছলাৰ গৰাকী ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫.০৭ লাখ কোটি। তাৰ বিপৰীতে জুকাৰবাৰ্গৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫.৫৭ লাখ কোটি।

    শেহতীয়া তালিকা অনুসৰি বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তিগৰাকী হৈছে ১৮.৫৭ লাখ কোটিৰ গৰাকী বাৰ্নাড আৰ্নল্ট। আনহাতে আমাজ’নৰ গৰাকী জেফ বেজ’ছ ১৭.২৪ লাখ কোটিৰে আছে দ্বিতীয় স্থানত। ধনাঢ্য ব্যক্তিৰ তালিকাত ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানি হৈছে একাদশ স্থানত। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তালিকাৰ শীৰ্ষ স্থানত থকা ইলন মাস্কক এপ্ৰিল মাহত এনেদৰে পিছ পেলাই তৃতীয় স্থান দখল কৰিলে ফেচবুকৰ জুকাৰবাৰ্গে। এই বৰ্ষত নিজৰ প্ৰতিষ্ঠান টেছলাৰ শ্বেয়াৰৰ মূল্য ৩৩.৬২ শতাংশ হ্ৰাস পোৱাৰ বাবে এনেদৰে ধনকুবেৰৰ প্ৰতিযোগিতাত পিছলি পৰিল ইলন মাস্ক। তাৰ বিপৰীতে ধনকুবেৰৰ শীৰ্ষ স্থান দখলৰ যুঁজত আগবাঢ়ি মাৰ্ক জুকাৰবাৰ্গ।