• মিছা মাতিছে চৌদী আৰৱৰ মডেল আল-কাহতানীয়ে! অংশগ্ৰহণ নকৰে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত!

    আন্তঃৰাষ্ট্ৰীয়
    মিছা মাতিছে চৌদী আৰৱৰ মডেল আল-কাহতানীয়ে! অংশগ্ৰহণ নকৰে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত!
    ডিজিটেল ডেস্কঃ ছৌদি আৰৱৰ মডেল আল-কাহতানীয়ে এইবাৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে। মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যনে এক বিবৃতিত কয় যে ছৌদি আৰবে ৭৩ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে। ছৌদি আৰবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে বুলি দাবী কৰা বাতৰি সংগঠনটোৱে অস্বীকাৰ কৰিছে। সংগঠনটোৱে ‘মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ছৌদি আৰৱক প্ৰতিনিধিত্ব কৰিব’ বুলিও অস্বীকাৰ কৰিছে।

    ছৌদি মডেলগৰাকীয়ে নিজেই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে দাবী কৰিছিল যে ২০২৪ চনত ছৌদি আৰৱৰ হৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এতিয়া প্ৰতিযোগিতাখন আয়োজন কৰা সংস্থাটোৱে নিজেই আল-কাহতানীৰ এই দাবীক অস্বীকাৰ কৰিছে। সংস্থাটোৱে জাৰি কৰা বিবৃতিত কোৱা হৈছে যে ‘মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশসমূহৰ পৰা অংশগ্ৰহণকাৰী নিৰ্বাচন কৰাটো এক কঠোৰ প্ৰক্ৰিয়া, যিয়ে আমাৰ চৰ্ত আৰু নিৰ্দেশনা কঠোৰভাৱে পালন কৰে। পূৰ্বতে নিৰ্মিত নিয়মৰ ভিত্তিত প্ৰতিখন দেশ নিৰ্বাচন কৰা হয়। এই প্ৰক্ৰিয়াত প্ৰতিযোগী নিৰ্বাচনৰ ক্ষেত্ৰত ন্যায়পৰায়ণতা আৰু স্বচ্ছতা নিশ্চিত কৰা হয়। আমি স্পষ্টকৈ ক’ব বিচাৰো যে চৌদি আৰৱত কোনো ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হোৱা নাই। এই সন্দৰ্ভত যিকোনো দাবী মিছা আৰু বিভ্ৰান্তিকৰ।

    বিবৃতিটোত কোৱা হৈছে যে ‘এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা দেশসমূহৰ ভিতৰত ছৌদি আৰব এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই। বৰ্তমান আমি এজন ৰাষ্ট্ৰীয় সঞ্চালক নিযুক্তিৰ বাবে সম্ভাৱ্য প্ৰাৰ্থীৰ বাবে স্ক্ৰীনিং প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িছো।