ডিজিটেল ডেস্ক : ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে শুকুৰবাৰে ইৰানত কৰা প্রচণ্ড আক্রমণে পুনৰ তৃতীয় বিশ্ব যুদ্ধৰ আশংকা বৃদ্ধি কৰিলে। আমেৰিকাৰ সহযোগিতা নোহোৱাকৈয়ে ইজৰাইলে কালি কৰা আক্ৰমণটোৱে মধ্য প্রাচ্যত উত্তেজনা চৰম পর্যায়লৈ যায়।
ইয়াৰ ফলত সমগ্র বিশ্ব এক ভয়াবহ পৰিস্থিতিৰ সম্মুখীন হোৱাৰ আশংকা কৰা হৈছে। অঞ্চলটোত বৃদ্ধি পোৱা উত্তেজনাক লৈ আমেৰিকাৰ বিষয়াসকলে এই বুলি সতর্কবাণী শুনাইছে যে বর্তমানৰ বিশ্বৰ আশংকা পূৰ্বৰ যিকোনো সময়তকৈ সর্বাধিক গুৰুতৰ হৈ পৰিছে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প প্রশাসনে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিষয়ত দেশখনৰ সৈতে বুজাৱলৈ অহাৰ চেষ্টা কৰি থকাৰ সময়তে কালি ইজৰাইলে ইৰানত আক্রমণ কৰে।
ইজৰাইলৰ মতে, আলোচনা প্রক্রিয়া ইৰানৰ পাৰমাণৱিক বোমা নির্মাণ প্রতিৰোধ কৰাৰ ক্ষেত্ৰত তেনেই সোপাঢিলা প্রক্রিয়া। ই মূলতঃ ইৰানৰ ইউৰেনিয়াম সমৃদ্ধকৰণৰ পথহে মুকলি কৰিব বুলি ইজৰাইলে কয়। উল্লেখযোগ্য যে আমেৰিকাই ইৰানৰ সৈতে এক প্ৰাৰম্ভিক পাৰমাণৱিক চুক্তি কৰাৰ দিশত আগবাঢ়িছিল। কিন্তু ইজৰাইলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। এই চুক্তিয়ে ইৰানত ইউৰেনিয়াম সমৃদ্ধকৰণৰ অনুমতি দিব পাৰে যিটোৰ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে তীব্ৰ বিৰোধিতা কৰিছে। মন কৰিবলগীয়া যে ইৰানে ইজৰাইলক আক্ৰমণৰ পাছতে আমেৰিকাৰ সৈতে পাৰমাণৱিক আলোচনা বাতিল কৰা বুলি ঘোষণা কৰে। ইফালে, আমেৰিকাৰ এজন শীর্ষস্থানীয় বিষয়াই ৱাশ্বিংটন প'ষ্টক কয় যে ইজৰাইলে ইৰানত কৰা আক্ৰমণে সমগ্র বিশ্বত যুদ্ধৰ আশংকা বৃদ্ধি কৰিলে। বিষয়াজনে বিশ্ব যুদ্ধৰ আশংকাক লৈ এই বুলি সতৰ্ক কৰি দিয়ে, 'আমি লক্ষ্য কৰি আছোঁ আৰু আমি উদ্বিগ্ন। ই পূৰ্বৰ যিকোনো সময়তকৈ অধিক শংকাপূর্ণ আৰু জটিল অৱস্থা।' ইজৰাইলে যদি নিজাকৈ ইৰানত পূৰ্ণ পৰ্যায়ৰ আক্রমণ কৰে তেতিয়া আমেৰিকাৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্ক ছেদ হ'ব পাৰে। ইয়াৰ ফলত বিস্তৃত অঞ্চললৈ উত্তেজনা প্ৰসাৰিত হ'ব পাৰে। আনহাতে, ইৰানে ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাটো প্রায় নিশ্চিত। মন কৰিবলগীয়া যে ইৰানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক জনাই দিয়ে যে তেওঁলোকে ইজৰাইলৰ আক্ৰমণৰ যথোচিতভাৱে প্ৰত্যুত্তৰ দিব। ইৰানৰ সমৰ্থনত আন দেশেও যুদ্ধত যোগ দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ ফলত যুদ্ধ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ আশংকা কৰা হৈছে। অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাই বিপদৰ উচ্চ পৰ্যায়ৰ শংকা থকা অঞ্চলৰ পৰা নিজৰ সামৰিক আৰু কূটনৈতিক বিষয়া-কৰ্মচাৰীক আঁতোৰোৱাৰ কাম আৰম্ভ কৰিছে।
বাগদাদত থকা আমেৰিকাৰ দূতাৱাসৰ কৰ্মচাৰীক তাৰ পৰা আঁতৰোৱা হৈছে। ইয়াৰ লগতে কুৱেইট আৰু বাহৰেইনত থকা আমেৰিকাৰ বিষয়া তথা তেওঁলোকৰ পৰিয়ালে স্বেচ্ছামূলকভাৱে তাৰ পৰা আঁতৰিবলৈ বিচাৰিলে তাত অনুমোদন জনোৱা হৈছে। হোৱাইট হাউছৰ মুখপাত্র আন্না কেলীয়ে কয় যে বৈদেশিক বিভাগে বিদেশত থকা আমেৰিকানসকলৰ নিৰাপত্তাৰ বিষয়টো নিয়মীয়াকৈ পর্যালোচনা কৰি আছে আৰু শেহতীয়া পৰ্যালোচনাত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উক্ত সিদ্ধান্ত লোৱা হয়। মধ্য প্রাচ্যৰ পৰিস্থিতি অতি বিপজ্জনক হৈ পৰাৰ আশংকা কৰি ৰাষ্ট্ৰপতি ট্রাম্পেই অতি শংকাযুক্ত স্থানৰ পৰা আমেৰিকাৰ সামৰিক আৰু কূটনৈতিক বিষয়াসকলক আঁতৰোৱাৰ সিদ্ধান্তত সম্মতি জনাইছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment