• ব্ৰিটেইনক আৰ্থিক সংকটৰ পৰা দূৰ কৰিব ঋষি সুনকে, প্ৰধানমন্ত্ৰী হিচাপে দিলে প্ৰথমটো ৰাজহুৱা ভাষণ

    আন্তঃৰাষ্ট্ৰীয়
    ব্ৰিটেইনক আৰ্থিক সংকটৰ পৰা দূৰ কৰিব ঋষি সুনকে, প্ৰধানমন্ত্ৰী হিচাপে দিলে প্ৰথমটো ৰাজহুৱা ভাষণ

    ডিজিটেল ডেস্কঃ ব্ৰিটেইনক আৰ্থিক সংকটৰ দূৰ কৰিব
    ঋষি সুনাকে। বিদায়ী প্ৰধানমন্ত্ৰী লিঝ ট্ৰাছৰ ভুলসমূহ শুধৰাবলৈ চেষ্টা কৰিব নতুন প্ৰধানমন্ত্ৰীয়ে।
    ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দিয়া প্ৰথমটো ৰাজহুৱা ভাষণত এই প্ৰতিশ্ৰুতি দিয়ে।



    ভাষণটোত তেওঁ কয় যে আৰ্থিক সংকটৰ পৰা উদ্ধাৰ লাভ
    কৰিবলৈ ব্ৰিটেইনবাসীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ল
    ব লাগিব।



    ''বৰ্তমান আমাৰ
    দেশখন ভয়াৱহ আৰ্থিক সংকটৰ মুখামুখি। ক
    ভিড
    পৰিস্থিতিয়ে এতিয়াও দেশখনক ডুবাই ৰাখিছে।
    ’’- সুনকে
    কয়।



    তেওঁ এইক্ষেত্ৰত ইউক্ৰেইন যুদ্ধৰ প্ৰসংগো টানি আনে।
    কয় যে ইউক্ৰেইন যুদ্ধই বিশ্বজুৰি শক্তিখণ্ডৰ বজাৰত অস্থিৰতা আনিছে।



    বিদায়ী প্ৰধানমন্ত্ৰী লিঝ ট্ৰাছক প্রশংসা কৰি কয় যে
    তেওঁ দেশখন আগুৱাই নিবলৈ চেষ্টা কৰিছিল। কিন্তু কিছু ত্ৰুটি ৰৈ গ
    , সেইসমূহৰ
    উদ্দেশ্য বেয়া নাছিল।



    ''মই সেই
    ভুল-ত্ৰুটিসমূহ শুধৰাবলৈ মোৰ দলৰ নেতা
    , আপোনালোকৰ
    প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছো।
    ’’- সুনকে
    কয়।



    ''মই অৰ্থনৈতিক
    স্থিৰতা আৰু চৰকাৰৰ কাৰ্যপ্ৰণালীৰ বিশ্বাসযোগ্যতাক গুৰুত্ব দিম।
    ’’- সুনকে কয়- ''মই আমাৰ দেশখনক কথাৰে নহয়, কামেৰে এক কৰি ৰাখিম।’’



    উল্লেখ্য যে চলিত বৰ্ষত ব্ৰিটেইনত ভয়াৱহ আৰ্থিক
    সংকটৰ বাবে দুজনকৈ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছে। ঋষি সুনকে তৃতীয়জন
    প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।