• ৰাছিয়াৰ হাতত ইউক্ৰেইন পৰাস্ত হ’লে সূত্ৰপাত হ’ব তৃতীয় বিশ্বযুদ্ধৰ! দাবী ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰীৰ

    আন্তঃৰাষ্ট্ৰীয়
    ৰাছিয়াৰ হাতত ইউক্ৰেইন পৰাস্ত হ’লে সূত্ৰপাত হ’ব তৃতীয় বিশ্বযুদ্ধৰ! দাবী ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰীৰ
    ডিজিটেল ডেস্কঃ সমগ্ৰ যুদ্ধৰ সময়ছোৱাত ইউক্ৰেইনে বিদেশী শক্তিৰ পৰা আৰ্থিক আৰু সামৰিক সাহায্য বিচাৰিছে। আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহেও তেওঁলোকক সহায় কৰিছে। কিন্তু শেহতীয়াকৈ সাহায্য হ্ৰাস পাইছে। যুদ্ধৰ ব্যয়ক লৈ আমেৰিকান কংগ্ৰেছৰ মাজত বিভাজন ঘটিছে। বিদেশী সাহায্যৰ বিল বাকী আছে। এই সন্দৰ্ভত ভোটদান কৰা হ’ব। 

    এনে পৰিস্থিতিত ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ডেনিছ শ্বমিহালে বিশেষ মন্তব্য কৰিছে। ৰাছিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে যদি ইউক্ৰেইন জয়ী নহয় তেন্তে তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব বুলিও তেওঁ কয়।


    ডেনিছে আশাবাদী যে ইউক্ৰেইনে অৱশেষত আমেৰিকান কংগ্ৰেছৰ ভোটত “জিকিব”। কিয়েভক দিয়া হ’ব কমেও ৬১ বিলিয়ন ডলাৰ। কিন্তু ক’ৰবাত যি সন্দেহ আছে সেয়া ডেনিছৰ কথাত স্পষ্ট। 

    শনিবাৰে আমেৰিকাৰ প্ৰতিনিধি সদনে দুৰ্দশাগ্ৰস্ত দেশসমূহক সাহায্য প্ৰদানৰ ক্ষেত্ৰত ভোটদান কৰে। ইউক্ৰেইনৰ উপৰিও ইয়াত ইজৰাইল, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল অন্তৰ্ভুক্ত।

    ইউক্ৰেইনৰ মুখত যুদ্ধৰ পৰাজয় বা বিশ্বযুদ্ধৰ ভাবুকি শুনাটো প্ৰথমবাৰৰ বাবে নহয়। যোৱা বছৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কৈছিল যে যদিহে ৰাছিয়াই এই যুদ্ধত জয়ী হয় তেন্তে পোলেণ্ড তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য হ’ব। তেতিয়া তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব। ক্ৰেমলিনে অৱশ্যে ইউক্ৰেইনৰ এই দাবীক সদায় “হাস্যকৰ” বুলি উলাই কৰি আহিছে।