• পুনৰ ১১৯ অবৈধ ভাৰতীয়ক লৈ আহিছে আমেৰিকাৰ বিমানে

    আন্তঃৰাষ্ট্ৰীয়
    পুনৰ ১১৯ অবৈধ ভাৰতীয়ক লৈ আহিছে আমেৰিকাৰ বিমানে
    ডিজিটেল ডেস্ক: আমেৰিকাত অবৈধভাৱে বাস কৰি থকা আন ১১৯জন লোকক পুনৰ স্বদেশলৈ ঘূৰাই পঠিওৱা হৈছে। এই লোকসকলক লৈ অহা এখন বিমানে পঞ্জাবৰ অমৃতসৰ বিমান বন্দৰত অৱতৰণ কৰিব। আনহাতে, আন এখন বিমানো দেশখনত অবৈধভাৱে বাস কৰি থকা ভাৰতীয়ক লৈ আহি আছে। অৱশ্যে, এই বিমানখনত কিমানজন ভাৰতীয় আছে সেই কথা জানিব পৰা হোৱা নাই। 

    এই বিমানখনে দেওবাৰে নিশা দহ বজাত ভাৰতত অৱতৰণ কৰিব। আজি নিশা অমৃতসৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিবলগীয়া বিমানখনত পঞ্জাবৰ সৰ্বাধিক ৬৭জন লোক আছে। ইয়াৰ উপৰি, হাৰিয়ানাৰ ৩৩জন, গুজৰাটৰ ৮জন, উত্তৰ প্ৰদেশৰ ২জন, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ দুজনকৈ তথা হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ এজনকৈ লোক আছে। উল্লেখযোগ্য যে যোৱা সপ্তাহত আমেৰিকাত অবৈধভাৱে থকা ২০৫জন ভাৰতীয়ক স্বদেশলৈ বিতাৰণ কৰা হৈছিল। ড'নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদ গ্ৰহণ কৰাৰ পাছতে দেশখনত অবৈধভাৱে বাস কৰা লোকসকলক বিতাৰণ কৰাৰ কথা ঘোষণা কৰিছিল।

    উৎসঃ দৈনিক জনমভূমি  
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorslot777judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino onlineagen casinosabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsabung ayamsabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeus