• একেলগে বিহপান কৰি প্ৰেমিকে মৃত্যুক সাবটাৰ পাছত পৃথিৱীৰ পৰা বিদায় ল’লে প্ৰেমিকায়ো

    আঞ্চলিক
    একেলগে বিহপান কৰি প্ৰেমিকে মৃত্যুক সাবটাৰ পাছত পৃথিৱীৰ পৰা বিদায় ল’লে প্ৰেমিকায়ো
    ডিজিটেল ডেস্কঃ কলিয়াবৰৰ বৰবালিটুপ গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এই গাঁৱতে এহাল প্ৰেমিক-প্ৰেমিকাৰ অপমৃত্যু। বিহপান কৰি মৃত্যুক সাবটিলে দুয়ো। একেলগে সুখৰ সংসাৰ গঢ়িম বুলি দেখা সপোন পলকতে হ’ল থানবান। 

    ঘটনা অনুসৰি দেওবাৰে একে গাঁৱৰে মুকেশ বৰ্মন আৰু তেওঁৰ প্ৰেমিকাই একেলগে বিহ পান কৰিছিল। চিকিৎসাৰ বাবে তেজপুৰলৈ নিয়াৰ অৱস্থাতে মৃত্যু হৈছিল প্ৰেমিক মুকেশ বৰ্মনৰ। মুকেশ বৰ্মন প্ৰেমিকাগৰাকী নাবালিকা আছিল।

    সংকটজনক অৱস্থাত নাবালিকাগৰাকীক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত তেওঁৰো মৃত্যু হয়। প্ৰেমিকৰ পাছে পাছেই অজান দেশলৈ গুচি গল প্ৰেমিকা। মঙলবাৰে নিশা কিশোৰীগৰাকীৰ মৃতদেহ অনাৰ পাছত গাঁওখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

    উল্লেখযোগ্য যে, বৰবালিটুপ গাঁৱৰ মুকেশ বৰ্মনৰ সৈতে একে গাঁৱৰে কিশোৰীগৰাকীৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। দুয়ো বিয়া পাতি সংসাৰ গঢ়িব বিচাৰিছিল কিন্তু আইনগত বাধাৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পৰা নাছিল। উপযুক্ত বয়সত প্ৰেমিকযুগলক বিয়া পাতি দিম বুলি সন্মতি দিছিল দুয়োৰে পৰিয়ালে। সহযোগ কৰিছিল স্থানীয় ৰাইজেও।

    সকলো ঠিকে চলি থকাৰ মাজতে অঘটনটো ঘটি গল দেওবাৰে। প্ৰেমিকাৰ সৈতে বাৰ্তালাপ কৰি থকা অৱস্থাত দেওবাৰে প্ৰেমিক মুকেশ বৰ্মনৰ ঘৰত হঠাতে উপস্থিত হয়হি স্থানীয় আত্মসহায়ক গোটৰ এটি দল। মুকেশৰ মাতৃৰ উপস্থিতিতে আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰেমিক যুগলক বিভিন্ন ধৰণৰ গালি-গালাজ কৰাৰ লগতে বিভিন্ন শাস্তি প্ৰদানৰ ভাবুকিও প্ৰদান কৰে।

    এই ঘটনাত লাজে-দুখে-অপমানে জৰ্জৰিত হৈ পৰে প্ৰেমিক-প্ৰেমিকা। এই ঘটনাৰ বিষয়ে স্বামীক জনাবলৈ ঘৰৰ পৰা ওলাই যায় মুকেশৰ মাতৃ। মাতৃ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতে বিহ পান কৰে মুকেশ বৰ্মন আৰু প্ৰেমিকাই।

    দুয়োকে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি আত্মসহায়ক গোটৰ মহিলাসকলৰ উপযুক্ত শাস্তি প্ৰদানৰ দাবী কৰিছে স্থানীয় ৰাইজৰ লগতে কোঁচ ৰাজবংশী সন্মিলনে। 

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorslot777judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino onlineagen casinosabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsabung ayamsabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeusslot gacor hari inisv388agen roulette onlinesv388judi baccarat onlineslot thailand