• বল পৰিছে কোভিডৰ ! তিনি বছৰৰ মূৰত বিশ্ব স্বাস্থ্য সংস্থাই সমাপ্তি ঘোষণা কৰিলে বিশ্বব্যাপী কোভিড-১৯ৰ জৰুৰীকালীন অৱস্থাৰ

    আন্তঃৰাষ্ট্ৰীয়
    বল পৰিছে কোভিডৰ ! তিনি বছৰৰ মূৰত বিশ্ব স্বাস্থ্য সংস্থাই সমাপ্তি ঘোষণা কৰিলে বিশ্বব্যাপী কোভিড-১৯ৰ  জৰুৰীকালীন অৱস্থাৰ
    ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিডৰ এতিয়া যেন বল পৰি আহিছে। যোৱা তিনি বছৰত কোভিডত বিশ্বত  ফলত লাখ লাখ লোকৰ মৃত্যু হৈছে। শ শ পৰিয়ালে প্ৰিয়জনক হেৰুৱাইছে। সমান্তৰালভাবে ভেকছিনো আহিছে।

    কোভিডকলৈ এতিয়াও গৱেষণা চলি আছে। এই দীঘলীয়া সংগ্ৰামৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই তিনি বছৰৰ মূৰত শুক্ৰবাৰে কোভিডৰ জৰুৰীকালীন অৱস্থাৰ সমাপ্তি ঘোষণা কৰে।তিনি বছৰ আগতে কোভিডৰ সংহাৰৰ পৰিপ্ৰেক্ষিততে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বজুৰি কোভিডৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।  এনে জৰুৰীকালীন অৱস্থা ঘোষণাৰ দ্বাৰা বিশ্ব সাস্থ্য সংস্থাই সমগ্ৰ বিশ্বকে কোভিডৰ ভয়াৱহতাৰ প্ৰতি সতৰ্ক হ’বলৈ আহ্বান জনাইছিল। 

    বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যোৱা কেইবছৰমানত কোভিডৰ ফলত লাখ লাখ লোকৰ মৃত্যু হৈছে। কোভিডৰ সংহাৰে  গোলকীয় অৰ্থনীতিক ধ্বংস কৰিছে ।  কিন্তু এতিয়াৰে পৰা কোভিড আৰু   বিশ্বব্যাপী স্বাস্থ্যৰ জৰুৰী অৱস্থা হৈ নথাকিব।

     বিশ্ব স্বাস্থ্য সংস্থাই আজি কয়  "এয়া অতি আশাৰে কোভিড-১৯কলৈ  থকা বিশ্বব্যাপী স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ সমাপ্তি ঘোষণা কৰিছো," সংস্থাটোৰ মুৰব্বী  টেড্ৰোছ গাব্ৰিয়াছে এক বিবৃতিত এনেদৰে  কয়। তেওঁ লগতে কয় যে জৰুৰীকালীন অৱস্থা বাতিল কৰাৰ অৰ্থ বিপদাশংকা নোহোৱা হোৱা  নহয়। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোভিড সমূলি  আঁতৰি যোৱা নাই।