• বিচিত্ৰ প্ৰকৃতিঃ একেলগে ৬ টা সন্তান জন্ম দিলে মহিলাই, থৰ লাগিল চিকিৎসকো

    আন্তঃৰাষ্ট্ৰীয়
    বিচিত্ৰ প্ৰকৃতিঃ একেলগে ৬ টা সন্তান জন্ম দিলে মহিলাই, থৰ  লাগিল চিকিৎসকো
    ডিজিটেল ডেস্কঃ প্ৰকৃতি সঁচাকৈয়ে বিচিত্ৰ। এগৰাকী মহিলাই জন্ম একেসময়তে জন্ম দিলে ছটিকৈ সন্তান! পা কিস্তানৰ ৰাৱালপিণ্ডিত ঘটিছে  আশ্চৰ্যজনক ঘটনাটো। পাকিস্তানৰ  মহিলাগৰাকীয়ে সকলোকে আচৰিত কৰি  একেলগে ৬  টা সন্তান জন্ম দিয়ে।  চিকিৎসকৰ মতে  মহিলা আৰু নৱজাতক  দুয়ো স্বাস্থ্যৱান হৈ আছে ।

     প্ৰসৱবেদনাৰ বাবে মহিলাগৰাকীক বৃহস্পতিবাৰে নিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। দীঘলীয়া অস্ত্ৰোপচাৰৰ পিছত মহিলাগৰাকীয়ে  ৬  টা সন্তান জন্ম দিয়ে। মহিলাগৰাকীয়ে জন্ম দিয়া নৱজাতকৰ ভিতৰত  ৪ জন ল'ৰা আৰু ২ জনী ছোৱালী । তেওঁক এতিয়াও আইচিইউত পৰ্যবেক্ষণত ৰখা হৈছে। বৃহস্পতিবাৰে, প্ৰসৱবেদনাৰ পিছত স্বামী ৱাহিদে  মহিলাগৰাকীক ৰাৱালপিণ্ডিৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায়। 

     চিকিৎসকে কৈছে যে এয়া  সাধাৰণ প্ৰসৱ নহয়, ইয়াত বহু  জটিলতা আছিল। এই অলৌকিক ঘটনাৰ পিছত চিকিৎসক আৰু কৰ্মচাৰীসকল বহুত সুখী বুলি উল্লেখ কৰে। "ঈশ্বৰে অৱশেষত মাতৃ আৰু শিশুসকলৰ জীৱন ৰক্ষা কৰিছে," চিকিৎসকে  কয়। চিকিৎসকৰ মতে  ৪.৭ বিলিয়নলোকৰ ভিতৰত মাত্ৰ এজনেৰ ক্ষেত্ৰতহেএনে ঘটনা ঘটে।