৩ ফেব্ৰুৱাৰী,২০২২, বৃহস্পতিবাৰ
মেষ ৰাশি: আজিৰ দিনটোত কর্মক্ষেত্ৰত শুভ৷ যিকোনো সমস্যা সমাধান হ’ব৷ পৰিয়ালত শুভ৷ প্ৰেমত অভিমান বৃদ্ধি।
বৃষ ৰাশি: পৰিয়ালৰ মাজত সংঘাত হ’ব পাৰে, সেয়ে কথা কওতে সাৱধান হব৷ অনাহকত কাকো পৰামৰ্শ নিদিব। বিদ্যাৰ্থীৰ শুভ।
মিথুন ৰাশি: দিনটো আনন্দত পাৰ হ’ব৷ কৰ্মক্ষেত্ৰত উচ্চ প্ৰশংসা পাব। বন্ধুৰ সৈতে সম্পৰ্ক মধুৰ হ’ব।
কৰ্কট ৰাশি: দিনটো বৰ ভাল বুলি ক’ব নোৱাৰি৷ উৎসাহ-উদ্দীপনাৰ অভাৱ থাকিব৷ ব্যয় বৃদ্ধি পাব৷ মনত কোনো বিষয়ক লৈ অশান্তি থাকিব।
সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক মধুৰ নহ’ব৷ কথা পতাৰ সময়ত শান্ত হৈ থাকক৷ আজি আপোনাক কোনোবাই ঠগিব পাৰে, সাৱধানে থাকিব।
কন্যা ৰাশি: দিনটোত উদ্যম থাকিব৷ আনে আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব৷ পুৰণা বেমাৰ ভাল হ’ব৷ খৰচ নিয়ন্ত্ৰণত থাকিব৷
তুলা ৰাশি: দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব৷ শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত মন নবহিব৷ কাজিয়া নকৰিব, সামাজিক মান নষ্ট হ’ব৷ ঘনিষ্ঠ বন্ধুৰ সৈতে মনোমালিন্য৷
বৃশ্চিক ৰাশি: ব্যৱসায়ত শুভ৷ কর্মব্যস্তাই অলপ আমনি কৰিব৷ কৰবাত ফুৰিবলৈ যাবলৈ বহুত মন যাব কিন্তু ব্যস্ততাৰ বাবে নোৱাৰিব৷ স্বাস্থ্যত মনোযোগ দিয়ক।
ধনু ৰাশি: দিনটো পৰিয়ালৰ লোকৰ সৈতে আনন্দৰ মাজেৰে পাৰ হব। বন্ধুৰ সংগ উপভোগ কৰি ভাল পাব। সুন্দৰ ভোজন কৰিবলৈ পাব। ভ্ৰমণত শুভ।
মকৰ ৰাশি: নম্ৰ আৰু বিনয়ী হৈ থাকিব৷ কামত মন বহিব৷ স্বাস্থ্য উন্নত৷ সাহিত্যত ৰাপ বাঢ়িব৷
কুম্ভ ৰাশি: সুন্দৰ দিন৷ মনৰ অশান্তি দূৰ হ’ব৷ আধ্যাত্মিক চিন্তা-চৰ্চা কৰি সুখী হ’ব৷ পৰিয়ালৰ লোকৰ সৈতে দিনটো উপভোগ কৰক৷
মীন ৰাশি: আপোনাৰ দিনটো শুভ৷ আয় বৃদ্ধি৷ আপোনাৰ ব্যৱহাৰত আন মানুহ সুখী হ’ব৷ প্ৰশংসা পাব।
Leave A Comment